Lovlina Borgohain

লাভলিনা বৰগোহাঁই

সৰুৰে পৰা খেলা-ধূলা কৰি ভাল পোৱা ছোৱালীজনীৰ খেলাৰ প্ৰতি থকা ধাউতিৰ উমান পাইছিল তেওঁৰ এগৰাকী সম্পৰ্কীয় বায়েকে। সেয়ে বায়েকগৰাকীয়ে মাৰ্চিয়েল আৰ্ট মুৱাথাই শিবিৰৰ নিমিত্তে ছোৱালীজনীক লৈ গৈছিল প্ৰশান্ত দাস নামৰ প্ৰশিক্ষকজনৰ ওচৰলৈ। সেয়া আছিল ২০১১ চনৰ কথা। ছোৱালীজনীৰ বয়স তেতিয়া মাথোঁ চৈধ্য বছৰ। মুৱাথাইত দেখুওৱা পাৰদৰ্শিতাই তাইৰ অধ্যয়নৰত বিদ্যালয়খনৰ খেলৰ শিক্ষকজনৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হয়। ছোৱালীজনীৰ ক্ৰীড়া  প্ৰতিভাৰ উমান পাই সেয়ে শিক্ষকজনে তাইক ছাইৰ প্ৰশিক্ষক পদুম বড়োৰ ওচৰলৈ লৈ গ’ল। তেনেদৰেই ছাইত প্ৰশিক্ষণৰ বাবে ছোৱালীজনী নিৰ্বাচিত হয় আৰু  এইবাৰ মুৱাথাই নহয়, বৰং বক্সিং জগততহে তাই খোজ পেলায়। বক্সিং কি সেয়া বৰ বিশেষ একো নজনাকৈয়ে ২০১২ চনৰ জুলাইত অনুষ্ঠিত  হোৱা প্ৰথম ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত ভাগ লৈ সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। বৰ্তমান ভাৰতীয় বক্সিং জগতৰ এক চিনাকি নাম হৈ পৰা গোলাঘাটৰ বৰমুখীয়া গাঁৱৰ সেই সৰুতে  খেলি-ধূলি ভাল পোৱা ছোৱালীজনীয়েই হৈছে লাভলিনা বৰগোহাঁই। পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁইৰ সুযোগ্যা সন্তান লাভলিনাই ছাই গুৱাহাটীত ভৰ্তি হোৱাৰ পিছৰে পৰা বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ ইটোৰ পিছত সিটো পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ২০১৩ চনত ‘ছাৰ্বিয়া’ত অনুষ্ঠিত ইণ্টাৰনেশ্বনেল নেচন কাপ প্ৰতিযোগিতাত ভাগ লৈ ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়। ২০১৬ চনত প্ৰথমবাৰলৈ বক্সিঙৰ ছিনিয়ৰ শাখাত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈছিল লাভলিনাই। অৱশ্যে জীৱনৰ প্ৰথম ছিনিয়ৰ শাখাৰ প্ৰতিযোগিতাখনত কোনো পদক লাভ কৰিবলৈ সক্ষম নহ’ল। কিন্তু লাভলিনাৰ প্ৰদৰ্শনত সন্তুষ্ট হৈ নিৰ্বাচকমণ্ডলীয়ে তেওঁক ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেম্পত অংশ ল’বলৈ আমন্ত্ৰণ জনালে। ইয়াতে তাইৰ ওজন শাখাত সকলোকে হৰুৱাই কাজাকিস্তানত অনুষ্ঠিত প্ৰেছিডেণ্ট কাপত অংশ লোৱাৰ বাবে নিৰ্বাচিত হয় আৰু তাত তেওঁ পদক দখল কৰিবলৈ সক্ষম হ য়। ‘এছিয়ান চেম্পিয়শ্বিপ ২০১৭ ভিয়েটনাম’খন আছিল লাভলিনাৰ জীৱনৰ প্ৰথমখন বৃহৎ আৰু মহত্ত্বপূৰ্ণ প্ৰতিযোগিতা য’ত অংশ লৈ লাভলিনাই ব্ৰঞ্জৰ পদক  লাভ কৰে। কিন্তু ভিয়েটনামৰ পৰা আহিয়ে লাভলিনা টাইফয়েড ৰোগত আক্ৰান্ত হয় আৰু কিছুদিন লাভলিনাৰ খেললৈ স্থবিৰতা আহে। অসুখত ভুগি থকা কালছোৱাতেই ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ৰাজ্যিক দলৰ বাছনি হৈছিল আৰু দৃঢ়মনা লাভলিনাক ৰাজ্যিক নিৰ্বাচকমণ্ডলীয়ে নিৰ্বাচিত কৰি পঠিয়াইছিল ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিৰ বাবে আৰু লাভলিনায়ো নিৰ্বাচকমণ্ডলীক নিৰাশ নকৰি সেই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ভাৰততে অনুষ্ঠিত হোৱা ইণ্ডিয়ান অ’পেন ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰি ২০১৮ বৰ্ষৰ কমনৱেল্‌থ গেমছত খেলাৰ যোগ্যতা অৰ্জন কৰে। উল্লেখ্য যে কমনৱেল্‌থ গেমছত ভাগ লোৱা অসমৰ প্ৰথম মহিলা বক্সাৰ হিচাপে পৰিগণিত হয় লাভলিনা বৰগোহাঁই। শেহতীয়াকৈ লাভলিনাই নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰি পুনৰবাৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *