১৯৩৬ অলিম্পিকত প্ৰদৰ্শিত ভাৰতীয় ক্ৰীড়াক জনপ্ৰিয় কৰিবলৈ মোদীৰ “মন কি বাত”ৰ জড়িয়তে আহ্বান

তুষাৰ প্ৰতিম

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কি বাত’ অনুষ্ঠানৰ জড়িয়তে মালখাম্ব খেল বিধক জনপ্ৰিয় কৰি তোলাৰ কথা কৈছে। কিন্তু এইবিধ খেলে আজিৰ পৰা প্ৰায় ৮৪ বছৰ পূৰ্বেই অলিম্পিকৰ মঞ্চ গৰকিছিল যদিও ভাৰতীয়সকলৰ মাজত আজিও জনপ্ৰিয় হৈ উঠা নাই। খেল বিধক জনসাধাৰণে আকোঁৱালি লোৱা নাই। অৱশ্যে পৰম্পৰাগতভাৱে খেলি অহা এই খেলবিধৰ জনপ্ৰিয়তা অধিক নহলেও যোৱাবছৰৰ পৰা আৰম্ভ হৈছে বিশ্ব চেম্পিয়ন।

১৯৩৬চনত পোন প্ৰথমবাৰৰ বাবে বাৰ্লিনৰ অলিম্পিকৰ মঞ্চত গুৰু হনুমান আখাড়া অমৰাবতীৰ সদস্যসকলে প্ৰদৰ্শন কৰিছিল। ইয়াৰ পিছত ১৯৮২ চনত পুনৰ আকৌ দিল্লী এছিয়ান গেমছত এই খেলবিধৰ প্ৰদৰ্শন দাঙি ধৰা হৈছিল। ইয়াৰ দুবছৰ পিছত ১৯৮৪ চনৰ অলিম্পিকত মালখাম্বকলৈ পেপাৰ প্ৰস্তুত কৰা হৈছিল। এই পেপাৰ প্ৰস্তুত কৰা তেলেংগানাৰ ৰাজ্যিক সংস্থাৰ সভাপতি ৰাজীৱ জলানাপুৰকাৰ মতে চৰকাৰী উপেক্ষাৰ বাবেই মালখাম্ব জনপ্ৰিয় হৈ পৰাৰ পৰা বঞ্চিত হৈ আছে। মনকৰিবলগীয়া যে ৰাজীৱে জলানাপুৰকাৰে ফ্ৰান্স, জাৰ্মানী, আমেৰিকাৰ লগতে অন্যান্য দেশলৈ গৈ মালখাম্বৰ বিষয়ে অৱগত কৰিছে আৰু ইয়াৰ প্ৰসাৰৰ বাবে কাম কৰিছে। এইগৰাকী সংগঠকক ইতিমধ্যে ১৯৭৮-৭৯ চনতেই মহাৰাষ্ট্ৰ চৰকাৰে ছত্ৰপতি শিবাজী পুৰস্কাৰেৰে সন্মানিত কৰিছে।

দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মালখাম্বক জনপ্ৰিয় কৰাৰ কথা কৈছে যদিও যোৱা বৰ্ষৰ পৰাই ক্ৰীড়া মন্ত্ৰনালয়ে চেষ্টা অব্যাহত ৰাখিছে। সমগ্ৰ দেশতে ইতিমধ্যে এই খেলবিধ খেলিবলৈ ১০০টা চেণ্টাৰ খোলা হৈছে, য’ত আধুনিক সঁজুলি উপলব্ধ কৰোৱা হৈছে। ইয়াৰ উপৰিও ৫ জন প্ৰশিক্ষক নিয়োগ কৰাৰ লগতে ভাৰতীয় ক্ৰীড়াৰ তালিকাত তালিকাভুক্ত কৰা হৈছে। বৰ্তমানলৈকে মালখাম্ব খেলবিধ খেলা ৮০ ৰ পৰা ৯০গৰাকী খেলুৱৈয়ে ১০ হাজাৰ টকাৰ স্ক’লাৰশ্বিপো লাভ কৰিবলৈ সক্ষম হৈছে।

অন্য খেলৰ দৰে মালখাম্বৰ নেচনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে ২০১৬ চনৰ পৰা পৃথকৈ ধন আগবঢ়াই আহিছে। শেহতীয়াকৈ চৰকাৰী চাকৰিটো মালখাম্বৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ অন্যান্য ক্ৰীড়াৰ শিতানত যিদৰে খেলুৱৈসকলে চাকৰিৰ বাবে আৱেদন কৰিব পাৰে ঠিক তেনেদৰে মালখাম্ব খেলুৱৈয়েও আৱেদন কৰিব পাৰিব।

উল্লেখযোগ্য যে ২০১৯চনত মুম্বাইৰ শিবাজী পাৰ্কত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল মালখাম্ব বিশ্ব চেম্পিয়ন। প্ৰতিযোগিতাখনত স্পেইন, জাৰ্মানী, চেক গণৰাজ্য, ইটালী, ইউ এছ এ, ইৰাণ, নৰৱে, ইংলেণ্ড, ফ্ৰান্স, মালয়েছিয়া, চিংগাপুৰ, জাপান, ভিয়েটনাম আদি ৰাষ্ট্ৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাখনত ভাৰত চেম্পিয়ন হোৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছিল চিংগাপুৰ আৰু মালয়েছিয়াই।

ভাৰতীয় ক্ৰীড়াৰ তালিকাভুক্ত মালখাম্ব ভাৰতৰ সকলো ৰাজ্যতে খেলা নহয় যদিও মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাটত অধিক জনপ্ৰিয়। শেহতীয়াকৈ কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ছত্ৰিশড়,উত্তৰ প্ৰদেশ আৰু তামিলনাডু আদি ৰাজ্যলৈয়ো প্ৰসাৰিত হৈছে। যোৱাবছৰ অনুষ্ঠিত হোৱা অনূৰ্ধ ১৪চেম্পিয়নশ্বিপত ছত্ৰিশগড় নেচনেল চেম্পিয়ন হ’বলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই খেলবিধক জনপ্ৰিয় কৰি তোলাৰ যি আহ্বান জনাইছে সেই আহ্বানক খেলবিধৰ লগত জড়িতসকলোৱে আদৰণি জনাইছে‌। এই খেলবিধ বৰ্তমানেও সকলোৰে মাজত জনপ্ৰিয় নোহোৱাৰ অন্তৰালত খেলবিধৰ লগত জড়িত পোছাক আৰু সুৰক্ষিত নোহোৱাটোকে মূল কাৰণ বুলি একাংশ‌ই কব বিচাৰে। শেহতীয়াকৈ এই অভিযোগো উত্থাপন কৰিব নোৱাৰাকৈ তেলেংগানাৰ ৰাজ্যিক সংস্থাই ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে মালখাম্ব বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ পোছাক তৈয়াৰ কৰাৰ লগতে য’ত খেলা হয় তাত খেলুৱৈৰ সুৰক্ষাৰ বাবে মেটৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰিছে। তেওঁলোকে আশা কৰিছে খেলবিধৰ পোছাক আৰু সুৰক্ষাৰ দিশটোক নতুনত্ব প্ৰদান কৰিলে খেলবিধৰ বাবে আগ্ৰহী হৈ পৰিব নতুন খেলুৱৈ।।

Leave a Reply

Your email address will not be published. Required fields are marked *