২০০৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সফলতাৰ আঁৰৰ অন্যতম হোতা বিশিষ্ট খেলুৱৈ, ক্ৰীড়া সংগঠক অনুপ চৌধুৰীৰ সৈতে অলিম্পয়াৰ আছুতীয়া সাক্ষাৎকাৰ

সাক্ষাৎ গ্ৰহণ ঃ তুষাৰ প্ৰতিম

সমৰ ৰাইজে হয়তো ৰংমনক ভালকৈ চিনি পায়। ২০০৭ চনত অসমত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভংকৰ আছিল ৰংমন। এই ৰংমনে সেই সময়ত অসমলৈ সোঁত বোৱা অন্যান্য ৰাজ্যৰ খেলুৱৈ তথা ক্ৰীড়া অনুৰাগীৰ আগত তুলি ধৰিছিল অসমৰ সংস্কৃতিৰ চানেকি। আপুনি হয়তো জানি আচৰিত হ’ব সেই শুভংকৰ ৰংমনৰ আৰ্হি তৈয়াৰ কৰাৰ আঁৰৰ মানুহজন কিন্তু ভাস্কৰ্য শিল্পী নাছিল। তেওঁ আছিল এগৰাকী ক্ৰীড়াবিদ তথা স্বনামধন্য ক্ৰীড়া সংগঠক। এগৰাকী ক্ৰীড়া সংগঠক হিচাপে অহৰহ অসমৰ ক্ৰীড়াৰ উন্নতিৰ বাবে কাম কৰি যোৱা এইগৰাকী ক্ৰীড়া সংগঠকে অসমৰ পৰম্পৰাগত ক্ৰীড়াৰ সম্প্ৰসাৰণৰ বাবে লৈছে বিশেষ পদক্ষেপ। অসমৰ ঐতিহ্যমণ্ডিত নাওখেলক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্যৰে তেওঁ হাতত লৈছে বহুকেইটা পদক্ষেপ। অসম অলিম্পিক সন্থাৰ দায়িত্বত থকাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লনবল খেলুৱৈ হিচাপে বিশেষ খ্যাতি লাভ কৰা এইগৰাকী ক্ৰীড়া সংগঠক তথা ক্ৰীড়াবিদ হ’ল অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক অনুপ চৌধুৰী। বয়স বাঢ়ি অহাৰ পিছতো দেহত বয়সৰ চাপ পৰিবলৈ নিদি ল’ৰালিৰ পৰা বৰ্তমানলৈকে নিৰৱছিন্নভাৱে খেল পথাৰত সক্ৰিয় হৈ থকা চৌধুৰী ডাঙৰীয়াৰ অসমৰ ক্ৰীড়া জগতলৈ আছে বিশেষ অৱদান। ২০০৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত আছিল এইগৰাকী ক্ৰীড়া সংগঠকৰ বলিষ্ঠ ভূমিকা। বিশিষ্ট ক্ৰীড়াবিদ তথা ক্ৰীড়া সংগঠক অনুপ চৌধুৰী ডাঙৰীয়াক লগ পোৱাৰ সময়ত আমি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ অতীত-বৰ্তমান আৰু ক্ৰীড়া বিষয়ক কিছু কথাৰে আলোচনাত মিলিত হৈছিলো। তেওঁৰ লগত হোৱা আমাৰ কথোপকথনৰ কিছু সম্পাদিত ৰূপ পঢ়ুৱৈ সমাজৰ বাবে অলিম্পিয়াৰ এই সংখ্যাত দাঙি ধৰা হ’ল।

প্ৰশ্ন ঃ আপুনি ক্ৰীড়াৰ লগত কেনেদৰে জড়িত হৈ পৰিল·

উত্তৰ ঃ মোৰ জন্ম তেজপুৰত। প্ৰথমে মই বেডমিণ্টন খেলিছিলো। তেজপুৰত সেই সময়ত কোনোধৰণৰ ইনড’ৰ ষ্টেডিয়াম নাছিল।  সেয়ে তেজপুৰত থকা জিলা পুথিভঁৰালত আমি অস্থায়ীভাৱে নেট আঁৰি লৈ খেলিবলৈ সুবিধা কৰি লৈছিলো। তেনেদৰে খেলিয়েই অসম স্কুল টুৰ্নামেণ্টলৈও নিৰ্বাচিত হৈছিলো। এনেদৰে সৰুৰে পৰা ক্ৰীড়াৰ লগত জড়িত হৈ পৰোঁ। তেতিয়া আমি যিকোনো খেল খেলিবলৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত পল’ ফিল্ডখন ব্যৱহাৰ কৰিছিলো। তাতেই আমি চেমনীয়াবোৰ লগ লাগি পিছলৈ ভলীবল খেলিবলৈ লওঁ। পিছত অসমৰ ভলীবলৰ জুনিয়ৰ দলৰ হৈও খেলাৰ সুযোগ পাইছিলো। তেতিয়ালৈকে কিন্তু মই লন বল খেলিবলৈ আৰম্ভ কৰা নাই। ভলীবলৰ পিছত মই আকৌ ক্ৰিকেটো খেলিবলৈ লৈছিলো। ক্ৰিকেটত ইণ্টাৰ ইউনিভাৰ্ছিটী টুৰ্নামেণ্ট খেলিবলৈ মই ৰাঁচীলৈ গৈছিলো। এনেদৰেই ক্ৰীড়াৰ বিভিন্ন ক্ষেত্ৰত জড়িত হোৱাৰ পিছতো আমি কোনটো খেলক নিৰ্দিষ্ট কৰি খেলি আগুৱাই যাম সেই সিদ্ধান্ত ল’ব পৰা নাছিলো। কাৰণ সেই সময়ত ক্ৰীড়াৰ আন্তঃগাঁথনিৰ যথেষ্ট অভাৱ আছিল। এবিধ খেলকে নিৰ্দিষ্ট কৰি ধাৰাবাহিক চৰ্চা কৰিবলৈ আমাৰ পক্ষে সম্ভৱ নাছিল। এনেকৈয়ে সৰুৰে পৰা বিভিন্ন ক্ৰীড়াৰ লগত জড়িত হৈ পৰো।

প্ৰশ্ন ঃ আপুনি বেডমিণ্টন, টেবুল, টেনিছ, ভলীবল, ক্ৰিকেট আদি বিভিন্ন ক্ৰীড়াৰ লগত জড়িত হৈ বহুকেইবাৰ ইণ্টাৰ স্কুল, ইণ্টাৰ ইউনিভাৰ্ছিটী খেলাৰ পিছতো পিছলৈ এজন ৰাষ্ট্ৰীয় লন বল খেলুৱৈ হিচাপে পৰিচিত হৈ পৰিল। লন বলৰ লগত কেতিয়া কেনেকৈ জড়িত হৈ পৰিল·

উত্তৰ ঃ ২০০৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ছোৱাত মই মোৰ ছোৱালীক বহুকেইটা খেল দেখুৱাই সুধিছিলো তুমি কিবা খেলিবলৈ ইচ্ছা কৰা নেকি· যিহেতু পঢ়া-শুনাও খেলৰ লগত সমানে আগুৱাই নিব লাগিব, গতিকে দুয়োটা দিশত ক্ষতি নোহোৱাকৈ খেলিবলৈ তাই লনবল খেলৰ প্ৰতি আগ্ৰহ দেখুৱালে। গতিকে তাইক সদায়েই সৰুসজাইলৈ অনুশীলন কৰাবলৈ লৈ যাওঁতে ময়ো খেলিবলৈ ল’লো। এই খেলবিধৰ এটা বিশেষত্ব হ’ল, যিগৰাকী ব্যক্তিৰ দেহ আৰু মগজুৰ মাজত এক সমন্বয় আছে, তেওঁহে এইবিধ খেল খেলিব পাৰে। যিহেতু মই আগৰ পৰাই বিভিন্ন খেলৰ লগত জড়িত হৈ আছিলো গতিকে মোৰ খেলিবলৈ বিশেষ অসুবিধা হোৱা নাছিল। ইয়াৰ পিছত মই ঝাৰখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম দলক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰো। এনেকৈয়ে লন বলৰ লগত জড়িত হৈ পৰোঁ। ২০১০ চনৰ কমনৱেলথ গেমছৰ বাবে ২০০৯ চনত ছিলেকচন কেম্প পাতিছিল আৰু ১৪জনক সেই কেম্পৰ বাবে নিৰ্বাচন কৰা হৈছিল। মোকো সেই ১৪জনৰ মাজত স্থান দিলে। সেই সময়ছোৱাত মই ভাৰতীয় দলক প্ৰতিনিধিত্ব মালয়েছিয়া আৰু নিউজিলেণ্ডলৈ টেষ্ট মেচ খেলিবলৈ যাওঁ। পিছত যেতিয়া কমনৱেলথৰ বাবে ৫জনীয়া দল ঘোষণা কৰা হ’ল তেতিয়া মই ১৪জনৰ ভিতৰত ৪ নম্বৰত থাকিও নিৰ্বাচিত ন’হলো। কি কাৰণ আছিল মই নাজানো। যিহেতু মোৰ ছোৱালীও সেই ১৪জনীয়া দলটোত আছিল আৰু তাই কমনৱেলথৰ বাবে নিৰ্বাচিত হৈছিল, গতিকে মই ছোৱালীৰ কথা চিন্তা কৰি মনে মনে থাকিলোঁ। তথাপি মই কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি ছিলেকচন টীমে মোক কমনৱেল্‌থ দলটোৰ টেকনিকেল অফিচাৰ হিচাপে ৰাখে।

প্ৰশ্ন ঃ আপুনি ক্ৰীড়া সংগঠনৰ লগত কেনেদৰে জড়িত হৈ পৰিল·

উত্তৰ ঃ যিহেতু নিজে এসময়ত খেলিবলৈ গৈ বিভিন্ন সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিেলা, সেয়ে ভৱিষ্যতে ক্ৰীড়াৰ সৈতে জড়িত হৈ থাকিলে এই সমস্যাবোৰ সমাধানৰ বাবে চিন্তা-চৰ্চা কৰাৰ আশা এটা সদায়েই আছিল। সেয়ে কিবা এটা কৰাৰ আশাতে মই গোটেই জীৱন খেলৰ লগতেই থাকি গ’লো। প্ৰথম অৱস্থাত প্ৰদীপ চলিহাৰ কাৰ্যকালৰ সময়ছোৱাত মোক অসম বেডমিণ্টন সন্থালৈ মাতিলে। তাৰ পিছত ১৯৯৪ চনত অসম টেবুল টেনিছ সন্থাৰ প্ৰতিনিধি হিচাপে অসম অলিম্পিক সন্থালৈ আহো। তেতিয়াৰ পৰা বৰ্তমানলৈকে মই অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হিচাপে কাম কৰি আছো।

প্ৰশ্ন ঃ ২০০৭ চনত অসমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আয়োজক সমিতিৰ আপুনি সম্পাদক আছিল। সেই সময়ত আপুনি কেনেদৰে প্ৰস্তুতি চলাইছিল·

উত্তৰ ঃ ২০০৭ চনত অসমে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছিল। সেই সময়ত মই অসম অলিম্পক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক আছিলো। সেই সূত্ৰে মই আয়োজক সমিতিৰো সম্পাদকৰ দায়িত্ব লাভ কৰিছিলো। তেতিয়া ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে এটা প্ৰতীক চিহ্নৰ প্ৰয়োজন লৈছিল। মই ভাবিছিলো এই প্ৰতীক চিহ্নৰ জৰিয়তেই অসমৰ সংস্কৃতিক দাঙি ধৰিব লাগিব। সেয়ে মোৰ চিন্তাৰে মই ‘ৰংমন’ক তৈয়াৰ কৰি উলিয়াইছিলো। খুব কম সময়ৰ ভিতৰত আমি সেইবাৰ লন বলৰ আন্তঃগাঁথনি তৈয়াৰ কৰিবলগীয়া হৈছিল। অসমৰ যিকেইজনে লন বল খেলিছিল, তেওঁলোকেও পদক লাভ কৰিবলৈ সক্ষম হৈছিল। সেইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া খুব ভাল হৈছিল বুলি ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হৈছিল। অসমেও খুব ভাল প্ৰদৰ্শন কৰিছিল।

প্ৰশ্ন ঃ আপুনি কৈছে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ছোৱাত লন বলৰ আন্তঃগাঁথনি নাছিল, সেয়ে কম সময়ত তৈয়াৰ কৰিবলগীয়া হৈছিল। ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ সময়ছোৱাত সামগ্ৰিকভাৱে অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনি কি পৰ্যায়ত আছিল·

উত্তৰ ঃ ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ সময়ছোৱাত আমাৰ আঁচনিৰ বাহিৰত থকা সত্ত্বেও লন বলৰ আন্তঃগাঁথনি খুব কম সময়ৰ ভিতৰতে তৈয়াৰ কৰি তুলিছিলো। সেই সময়ত অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনি তৈয়াৰ কৰাৰ ক্ষেত্ৰত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই বিশেষ ভূমিকা লৈছিল। সৰুসজাই আৰু যিমান ইনড’ৰ ষ্টেডিয়াম আছিল সেইবোৰ তেওঁৰ দিনতেই সম্পূৰ্ণ হৈ উঠিছিল। আমি যেনেদৰে বিচাৰিছিলো আমাক তেনেকৈয়ে সহায় কৰিছিল। গতিকে ক্ৰীড়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সৃষ্টি হোৱা নাছিল।

প্ৰশ্ন ঃ বৰ্তমানৰ অসমৰ ক্ৰীড়াৰ পৰিৱেশক লৈ আপুনি সুখীনে· ক্ৰীড়াৰ এটা পৰিৱেশ তৈয়াৰ কৰাৰ ক্ষেত্ৰত অসম অলিম্পিক সন্থাৰ ভূমিকা সম্পৰ্কে কি ক’ব·

উত্তৰ ঃ বৰ্তমান অসম অলিম্পিক সন্থাই অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত যেনে ধৰণৰ প্ৰচেষ্টা ল’ব লাগিছিল তেনেধৰণৰ প্ৰচেষ্টা লোৱা মোৰ চকুত নপৰে। এইক্ষেত্ৰত মই সুখী নহয়। এইটো কোৱা নাই যে অসম অলিম্পিক সন্থাই অসমৰ ক্ৰীড়াৰ বাবে একো কৰা নাই। কিন্তু যিখিনি কৰিছে সেইখিনি যথেষ্ট নহয়। ৰাজ্যিক ক্ৰীড়া সংস্থাবোৰক যদি নিয়মীয়াকৰণ নকৰে, ৰাজ্যিক ক্ৰীড়া সংস্থাবোৰে যদি জিলা পৰ্যায়ৰ পৰা খেলুৱৈসকলক সঠিক দিশেৰে উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে আগুৱাই নানে, তেন্তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তৈয়াৰ কৰিবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। এই কথাটো মই বিভিন্ন সময়ত বাৰে বাৰে কৈ আহিছো। প্ৰতিটো ক্ৰীড়া সংস্থাৰ বিষয়বাবত যি সকল ব্যক্তি থাকে তেওঁলোকৰ সেই ক্ৰীড়াৰ বিষয়ত জ্ঞান থকাৰ প্ৰয়োজন। এজন ভাল খেলুৱৈ উলিয়াই আনিবলৈ এটা সঠিক পৰিকল্পনাৰ প্ৰয়োজন হয়। সেই পৰিকল্পনাৰ যথেষ্ট অভাৱ দেখিবলৈ পাইছো। অসম অলিম্পিক সন্থাৰ সমিতিখনো বহুদিন নিষ্ক্ৰিয় হৈ আছে। সেইখন নতুনকৈ গঠন হ’ব লাগে। নতুন প্ৰজন্মক দায়িত্ব দিয়ক আৰু তেওঁলোকে উপযুক্ত পৰিকল্পনা আৰু সঠিক দিশেৰে খেলুৱৈসকলক আগুৱাই নিয়ক।

প্ৰশ্ন ঃ অসমক ক্ৰীড়াৰ ৰাজধানী কৰাৰ কথা কোৱা হৈছে। এইক্ষেত্ৰত আপুনি কি ক’ব·

উত্তৰ ঃ ক্ৰীড়াৰ ৰাজধানী ৰূপে গঢ়ি তুলিবলৈ হ’লে বহু বস্তুৰ প্ৰয়োজন হ’ব। চৰকাৰে ক্ৰীড়াৰ ৰাজধানী ৰূপে গঢ়ি তোলাৰ যি  শ্লোগান দিছে সেয়া চৰকাৰৰ এক গ্ৰহণযোগ্য পদক্ষেপ। অসমক ক্ৰীড়াৰ ৰাজধানী ৰূপে গঢ়ি তুলিবলৈ উন্নতমানৰ আন্তঃগাঁথনিৰ লগতে সকলো খেলতে আমি ভাল খেলুৱৈ দিব পাৰিব লাগিব। অলিম্পিকত পদক লাভ কৰিবলৈ হ’লে আমি এতিয়াৰ পৰাই চিন্তা কৰিব লাগিব। সকলোকে সমভাৱে সুবিধাবোৰ দিব পাৰিব লাগিব। অন্যথা ৰাজধানী হ’ব, কিন্তু খুব ভাল ৰাজধানী ৰূপে গঢ় লৈ নুঠিব।

প্ৰশ্ন ঃ ক্ৰীড়া সংগঠনসমূহত ৰাজনৈতিক নেতাসকলে অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰি থকা দেখিবলৈ পোৱা যায়। বহুকেইগৰাকী ৰাজনৈতিক নেতাই ক্ৰীড়া সংগঠনৰ আসনত বহি থকা দেখিবলৈ পোৱা গৈছে। এজন ৰাজনৈতিক নেতাই ক্ৰীড়া সংগঠনৰ লগত জড়িত হোৱা বা নোহোৱাৰ ক্ষেত্ৰত আপুনি কি ক’ব·

উত্তৰ ঃ মোৰ মতে ৰাজনৈতিক নেতাসকল ক্ৰীড়াৰ লগত জড়িত হ’ব লাগে। কিন্তু জড়িত হোৱা style-টো অলপ বেলেগ ধৰণৰ হ’ব লাগে। প্ৰতিজন বিধায়কে নিজ সমষ্টিত ১০জনকৈ খেলুৱৈৰ  দায়িত্ব ল’ব লাগে। যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত এজন ভাল খেলুৱৈ সৃষ্টি হ’ব পাৰে।

প্ৰশ্ন ঃ অসমৰ খেলুৱৈসকলৰ সংস্থাপনৰ দিশটোত আপুনি কি ক’ব·

উত্তৰ ঃ মই লক্ষ্য কৰিছোঁ আমাৰ বহুতো ভাল খেলুৱৈ মে¿ট্ৰকৰ ডেওনা পাৰ হোৱাৰ পিছতে চৰকাৰে চতুৰ্থ বৰ্গৰ এটা চাকৰি প্ৰদান কৰি দায়িত্ব সামৰিব বিচাৰে। কিন্তু তেওঁলোকক যদি আৰু অলপ আনুষ্ঠানিক শিক্ষা প্ৰদান কৰি বিষয়া পৰ্যায়ৰ চাকৰি দিব পাৰি তেন্তে, খেলুৱৈসকলৰ বাবে ভাল হয়। খেলুৱৈসকলৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰী পক্ষৰ বাবেও কৰ্প’ৰেট গোষ্ঠীসমূহেও বিশেষ ভূমিকা ল’ব লাগে।

প্ৰশ্ন ঃ আপুনি All Assam traditional sports গ Dregon Boat association-ৰ সম্পাদক। অসমৰ পৰম্পৰাগত নাওখেলৰ লগতে অন্যান্য যি সমূহ পৰম্পৰাগত খেল আছে সেইবোৰ প্ৰসাৰৰ বাবে  আপুনি কিবা ব্যৱস্থা লৈছে নেকি· এই বিষয়ে অলপ জনাবচোন।

উত্তৰ ঃ অসমত নাওখেল বহু পুৰণি। নাওখেলক কৈ গীতো আছে। মই তাহেৰ আহমেদৰ আমন্ত্ৰণমৰ্মে ইয়ালৈ আহিলো। ইয়ালৈ আহি মোৰ এটা কথা অনুভৱ হ’ল যে অসমৰ বানপীড়িত অঞ্চলত নাওখেলক যদি সম্প্ৰসাৰণ কৰিব পৰা হয়, তেনে ল’ৰা-ছোৱালীবোৰে নাওখেল উপভোগ কৰাৰ লগতে সেই বানপীড়িত মানুহখিনিক নিজা প্ৰচেষ্টাৰে উদ্ধাৰ কৰিবও পাৰিব। এনেকুৱা এক চিন্তাৰে মই ড্ৰেগন ব’টলৈ আহি অসমৰ গাঁৱে গাঁৱে ঘূৰি আছো। ধেমাজি, শিৱসাগৰ, ডিমৌৰ ফালে গৈ কেইজনমান ল’ৰা-ছোৱালী ঠিক কৰি আহিছো। যোৱা বছৰো চীনত অনুষ্ঠিত এছিয়ান গেমছলৈ অসমৰ পৰা পুৰুষ-মহিলা মিলাই ৮জনক লৈ গৈছিলো। আকৌ ২০২০ চনত চীনত এছিয়ান গেমছ অনুষ্ঠিত হ’ব। তাত ১২জন খেলুৱৈৰ ভিতৰত ৭-৮জন অসমৰ খেলুৱৈয়ে স্থান পাবই লাগিব। এছিয়ান গেমছত ড্ৰেগন ব’টৰ ইভেণ্ট আহিছে বুলি আজি কোনেও নাজানে। কিন্তু কালিলৈ অসমৰ পৰা ৭-৮জনে এছিয়ান গেমছ খেলিলে কিমান ভাল লাগিব। পদক পাবলৈ মই এতিয়াৰ পৰাই প্ৰস্তুতি চলাব লাগিব। সেয়ে ঘূৰি আছোঁ।

আনহাতে, পৰম্পৰাগত আন আন খেলবোৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সকলোৱে একেলগে কাম কৰিব লাগিব। বৰ্তমান চৰকাৰখনেও পৰম্পৰাগত খেলৰ বাবে ভাল কাম কৰিছে। বৰ্তমানৰ ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে পৰম্পৰাগত খেলৰ বাবে এটা ভাল পঁুজি ৰাখিছে।

প্ৰশ্ন ঃ অসমৰ ক্ৰীড়াৰ ভৱিষ্যৎ সম্পৰ্কে খুব চমুকৈ ক’বনে·

উত্তৰ ঃ অসমৰ ক্ৰীড়াৰ ভৱিষ্যত ভাল। চৰকাৰে ক্ৰীড়াৰ বাবে যিবোৰ নীতি গ্ৰহণ কৰিছে সেয়া সকলোৰে    

বাবে একেই হওক। সকলোকে সমান দৃষ্টিৰে চালে নিশ্চয় ভাল হ’ব।

প্ৰশ্ন ঃ শেষত এজন খেলুৱৈ আৰু এজন ক্ৰীড়া সংগঠক হিচাপে আপোনাৰ দুটা স্মৰণীয় অভিজ্ঞতাৰ বিষয়ে জনাব নেকি·

উত্তৰ ঃ খেলুৱৈ হিচাপে মই দুটা বছৰৰো অধিক কাল কমনৱেল্‌থ গেমছৰ সময়ত ভাৰতীয় দলৰ কেম্পত থাকিলো। কমনৱেল্‌থ দলত স্থান লাভ কৰাৰ যোগ্যতা থকাৰ পিছতো খেল ৰাজনীতিৰ বলি হ’লো। ই খেলুৱৈ জীৱনৰ এটা পাহৰিব নোৱৰা অভিজ্ঞতা। আৰু এজন সংগঠক হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁলোকৰ বাৰ্ষিক অধিৱেশনত মোক মুখ্য অতিথি ৰূপে মাতি নি মোৰ কামৰ যি স্বীকৃতি দিলে সেয়া অতি ভাল লগা এটা অভিজ্ঞতা।

এইকণ সময় দিয়া বাবে অলিম্পিয়াৰ তৰফৰ পৰা আপোনাক ধন্যবাদ।nn u লেখকৰ ফোন ঃ ৯৮৫৯০৮০৯৮০

Leave a Reply

Your email address will not be published. Required fields are marked *