৫ মাৰ্চৰ পৰা ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজ

৫ মাৰ্চৰ পৰা আৰম্ভ হ’ব ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজ। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতানখত ইণ্ডিয়া লিজেণ্ডছ, ইংলেণ্ড লিজেণ্ডছ, বাংলাদেশ লিজেণ্ডছ, দক্ষিণ আফ্ৰিকা লিজেণ্ডছ, শ্ৰীলংকা লিজেণ্ডছ, ৱেষ্ট‌ ইণ্ডিজ লিজেণ্ডছ দলে অংশগ্ৰহণ কৰিব।

এই ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজত শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগ, ব্ৰায়ান লাৰা, মুথীয়া মুৰুলীধৰণকে আদি কৰি অংশগ্ৰহণ কৰিবলগীয়া দেশ কেইখনৰ লিজেণ্ডছ সকলে অংশগ্ৰহণ কৰিব।

ছিৰিজৰ প্ৰথমখন মেচ ৫ মাৰ্চত ইণ্ডিয়া লিজেণ্ডছ আৰু বাংলাদেশ লিজেণ্ডছৰ মাজত অনুষ্ঠিত হ’ব। ৭ মাৰ্চত আকৌ ইংলেণ্ড লিজেণ্ডছ আৰু বাংলাদেশ লিজেণ্ডছ মুখামুখি হ’ব। আনহাতে প্ৰতিযোগিতাৰ ছেমি ফাইনেল ১৭ আৰু ১৯ মাৰ্চত অনুষ্ঠিত হ’ব। ২১মাৰ্চত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন। ছিৰিজৰ আটাইকেইখন মেচত ৫০ শতাংশ দৰ্শক উপস্থিত থাকিব পাৰিব বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *