ৰাজ্যৰ ক্ৰীড়াৰ উন্নয়নৰ বাবে কাম কৰিব ড্ৰীম ইলেভেনে

অসমৰ ক্ৰীড়াৰ তৃণমূল পৰ্যায়ৰ বিকাশৰ বাবে কাম কৰিব ড্ৰীম ইলেভেনে। জনপ্ৰিয় মোবাইল এপ ড্ৰীম ইলেভেনৰ শীৰ্ষ বিষয়াই কালি অসম অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এই বিষয়ত এক বৈঠকত মিলিত হয়। অৱশ্যে এই বৈঠকৰ সময়ছোৱাত কি কি বিষয়ে প্ৰাধান্য লাভ কৰিছে বা অসমৰ তৃণমূল ক্ৰীড়াৰ কোনবোৰ দিশক সামৰি লৈছে সেই বিষয়ে জানিব পৰা নাই।

আনহাতে ৰাজ্যৰ তৃণমূল ক্ৰীড়াৰ বিকাশৰ বাবে ড্ৰীম ইলেভেনে কাম কৰিব বুলি কোৱা হৈছে যদিও কালিৰ বৈঠকত ৰাজ্য চৰকাৰ বা অসম অলিম্পিক সন্থাৰ লগত কোনোধৰণৰ চুক্তি সম্পাদনা হোৱা নাই। অৱশ্যে ড্ৰীম ইলেভেনৰ দৰে গোষ্ঠীসমূহে ৰাজ্যৰ তৃণমূল ক্ৰীড়াৰ বিকাশৰ বাবে কাম কৰিবলৈ আগবাঢ়ি অহা বিষয়টো অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবেই আশাব্যঞ্জক বুলি বিবেচিত হৈছে। এই বৈঠকৰ সময়ছোৱাত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, যুটীয়া সম্পাদক শান্তনু কলিতাও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *