ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ভলীবললৈ অসম দল ঘোষণা

ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতাৰ বাবে ঘোষণা কৰা হ’ল অসম দলটো। তামিলনাডুৰ ভেলোৰত ২৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে অসম ভলীবল সন্থাৰ সম্পাদক ডাঃ চৈতন্য প্ৰসাদ শ‌ইকীয়াই দলটো ঘোষণা কৰিছে।

ঘোষিত দলটো : সন্তোষ গোৱালা, লাটু ফুকন, হেম দৈমাৰী, পুলক গগৈ, সঞ্জীৎ কুমাৰ ৰায়, মৃণাল গগৈ, মেহদী আলম, টুলটুল গোহাঁই, জিতু শ‌ইকীয়া, নিৰূপম তামুলী, ৰাজমণি ডেকা আৰু বিনীতা শ‌ইকীয়া।

দলটোৰ প্ৰশিক্ষক আৰু মেনেজাৰ হিচাপে আছে দীপ গগৈ আৰু নিৰঞ্জন সন্দিকৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *