ৰাহুল দ্ৰাবিড়ৰ অনূৰ্ধৰ ১৯ দলৰ ক্ৰিকেটাৰৰ আত্মহত্যা

অলিম্পিয়াৰ প্ৰতিবেদন

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা। এইবাৰ আত্মহত্যা কৰিলে এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে। ভাৰতীয় ১৯ বছৰ অনূৰ্ধ ক্ৰিকেট দলৰ প্ৰাক্তন লেগ স্পীনাৰ সুৰেশ কুমাৰে নিজৰ বাসভৱনত চিপ লৈ আত্মহত্যা কৰে।

ৰাহুল দ্ৰাবিড় নেতৃত্বাধীন ভাৰতীয় ১৯ বছৰ অনূৰ্ধ ক্ৰিকেটদলৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে শুক্ৰবাৰে সন্ধিয়া ৭:১৫ মিনিটত কেৰেলাৰ আলাপ্পুঝাস্থিত নিজা বাসগৃহত চিপলৈ আত্মহত্যা কৰিছে।

সুৰেশ কুমাৰৰ আত্মহত্যাৰ প্ৰস‌ংগত কেৰেলা আৰক্ষীয়ে কয় যে, স্থানীয় লোকে ইয়াক আত্মহত্যা বুলি কৈছে যদিও আমি পৰৱৰ্তী সময়ত তদন্ত অব্যাহত ৰাখিম।

উল্লেখ্য যে ১৯৯০ চনত সুৰেশ কুমাৰে ১৯ বছৰ অনূৰ্ধ ভাৰতীয় দলত আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁৱেই ১৯ বছৰ অনূৰ্ধ জাতীয় দলত কেৰেলাৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰথমজন ক্ৰিকেটাৰ আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *