ৰুণু স্বৰ্গীয়াৰী

জন্মঃ ০৬.১২.১৯৮৯

পিতৃ-মাতৃঃ বীৰেণ স্বৰ্গীয়াৰী, সুমিত্ৰা স্বৰ্গীয়াৰী

লিংগঃ মহিলা

খেলঃ আৰ্চাৰী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি কেইগৰাকী আৰ্চাৰে অসমৰ নাম উজলাবলৈ সক্ষম হৈছে তাৰ ভিতৰত ৰুণু স্বৰ্গীয়াৰী অন্যতম। কেৰিয়াৰৰ প্ৰথমখন প্ৰতিযোগিতাতে তিনিটা স্বৰ্ণ আৰু তিনিটা ৰূপসহ মুঠ ৬টা পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা এইগৰাকী অসমীয়া আৰ্চাৰে প্ৰথমে কিন্তু ভাৰতৰ অন্য এখন ৰাজ্যক হে প্ৰতিনিধিত্ব কৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। স্বঃ ৰাজ্যৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই পৰৱৰ্তী সময়ত অসমলৈ আহি অসমৰ হৈ খেলিবলৈ আৰম্ভ কৰা ৰুণুয়ে কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *