বৰ্ণিল কাৰ্যক্ৰমণিকাৰে অসম ক্ৰিকেট সন্থাৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক বঁটা প্ৰদান

অলিম্পিয়া প্ৰতিবেদন

বিগত বৰ্ষৰ দৰে এইবাৰো অসম ক্ৰিকেট সন্থাই সফলতাৰে আয়োজন কৰিলে বাৰ্ষিক বঁটা বিতৰণি অনুষ্ঠানৰ। বুধবাৰে গুৱাহাটী টাউন ক্লাব প্ৰেক্ষাগৃহত আয়োজিত উক্ত সভাত ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাই মূখ্য অতিথি হিচাবে অংশ লয়। তেওঁ বিগত সময়ছোৱাত অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰা অভিলাসী আঁচনিসমূহৰ প্ৰশংসা কৰে।

উক্ত অনুষ্ঠানতে অসম প্ৰিমীয়াৰ ক্লাব ক্ৰিকেটৰ বিজয়ীসকলক বঁটা প্ৰদান কৰাৰ লগতে বিজয় হাজাৰে ট্ৰফীত ৫ টাকৈ উইকেট দখল কৰাৰ বাবে প্ৰীতম দাস আৰু শতক অর্জনকাৰী শিৱ শংকৰ ৰয়ক নগদ ধনেৰে পুৰস্কৃত কৰে। ইয়াৰ বাহিৰেও উক্ত অনুষ্ঠানতে অহা ১৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হবলগীয়া আছাম টি-টুৱেন্টি চেলেঞ্জাৰ্ছ ক্ৰিকেটৰ জাৰ্চি, ট্ৰফী, ল’গ’ আদি উন্মোচন কৰে ক্ৰীড়ামন্ত্ৰী বিমল বৰাই।

সভাত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়া আৰু সভাপতি ৰমেন দত্তই বক্তৃতা প্ৰদান কৰে। লগতে উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক কামাখ্যা শইকীয়া, কোষাধক্ষ ট্ৰিদিব কোঁৱৰ, এপেক্স কাউন্সিলৰ সদস্য নৱ কোঁৱৰ, ৰুণুমি কটকী, প্ৰাক্তন ক্ৰিকেটাৰ বাদল ঠাকুৰ, অসম আৰক্ষীৰ যুটীয়া সঞ্চালক পাৰ্থসাৰথী মহন্ত আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *