৭ নৱেম্বৰৰ পৰা দ্বিতীয় বাৰ্ষিক ব্ৰহ্মপুত্ৰ ভলীবল লীগ

অলিম্পিয়া প্রতিবেদন

প্ৰথম বছৰৰ অপাৰ সফলতাৰ পিছত ৰাজ্যত দ্বিতীয়বাৰলৈ অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ ভলীবল লীগ। নৱেম্বৰৰ ৭ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব ভলীবলৰ মেগা প্ৰতিযোগিতাখনৰ দ্বিতীয় সংস্কৰণ। অৱশ্যে এইবাৰ অনুর্ধ ১৬ বছৰৰ লগতে ২১ বছৰ অনুর্ধৰ বয়স শাখাও অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বৰ দৰে ১৬ জিলা নহয় এইবাৰ ২৮ খন জিলালৈ সম্প্ৰসাৰিত হৈছে প্ৰতিযোগিতাখন। সৰ্বমুঠ ৯৩ খন গাঁৱৰ ২০৪ টা দলে অংশ লোৱাৰ কথা। এই কথা সদৰী কৰিছে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ উদ্যোক্তা তথা অসম ভলীবল মিছনৰ মূল ব্যক্তি অভিজিৎ ভট্টাচাৰ্যই।

প্ৰতিযোগিতাখনৰ ১৬ বৰ্ষৰ অনুর্ধ শাখাত ১০৬ টা দলে অংশগ্ৰহণ কৰিব। ইয়াৰে ৭১ টা ল’ৰা আৰু ৩৫টা ছোৱালীৰ। ইপিনে অনুর্ধ ২১ বৰ্ষৰ বয়স শাখাত ৯৮ টা দলে অংশ ল’ব। ইয়াৰে ৭০ টা ল’ৰা আৰু ২৮ টা ছোৱালীৰ দল। উল্লেখ্য যে কোনো লোকে কোনো দলৰ পৃষ্ঠপোষক হ’বলৈ বিচাৰিলে ১২ হাজাৰ টকাৰে সেই সুবিধা লাভ কৰিব বুলি জানিবলৈ দিছে অভিজিৎ ভট্টাচাৰ্য্যই। ইপিনে অহা ফেব্ৰুৱাৰীত ছুপাৰ লীগৰ খেল আয়োজন কৰাৰ কথাও ভাবিছে প্ৰতিযোগিতাৰ আয়োজকমণ্ডলীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *