অসম প্ৰিমীয়াৰ লীগ; ফাইনেল ৰাউণ্ডৰ খেলত সপ্তৰ্ষি আৰু বাড ক্ৰিকেট ক্লাবৰ জয়

অলিম্পিয়া প্রতিবেদন

তৃতীয় অসম প্ৰিমীয়াৰ লীগৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ আছে। বৃহস্পতিবাৰে ডিব্ৰুগড়ত সপ্তৰ্ষি ক্লাব আৰু নামবৰ ক্লাবৰ মাজত অনুষ্ঠিত দুদিনীয়া মেচখনত সপ্তৰ্ষি ক্লাবে নামবৰ ক্লাবক ১১ ৰানত পৰাস্ত কৰিছে। সপ্তৰ্ষি ক্লাবে বৰষুণে বিঘ্নিত কৰা মেচখনত প্ৰথমে বেট ধৰি ৩০ অভাৰত ১৬৫ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নামবৰ ক্লাবে ১৫৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। সপ্তৰ্ষিৰ হৈ শুভম শৰ্মা আৰু চিৰন্তন দাসে ৩ টাকৈ উইকেট দখল কৰে।

ফাইনেল ৰাউণ্ডৰ দ্বিতীয়খন মেচত বাড ক্ৰিকেট ক্লাবে ৰঙমন ক্ৰিকেট ক্লাবক ৯৫ ৰানত পৰাস্ত কৰে। বৰষুণৰ বাবে ৩২ অভাৰলৈ হ্ৰাস কৰা মেচখনত বাড ক্ৰিকেট ক্লাৱ প্ৰথমে বেটিং কৰি ৭ উইকেটৰ বিনিময়ত ১৮৭ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ঋষভ দাসে সৰ্বাধিক ৬১ ৰান কৰে। প্ৰতিপক্ষৰ বলাৰদ্বয় জিতুমণি বৰগোঁহাই আৰু মৃদুল দত্তই গাইপতি ২ টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰংমন ক্ৰিকেট ক্লাবে ৯২ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। দলটোৰ ৰুদ্ৰ প্ৰধান আৰু ট্ৰিনাথ ৰাওয়ে ক্ৰমে ২৫ আৰু ১৯ ৰানৰ বৰঙণি আগবঢ়ায়। বাড ক্ৰিকেট ক্লাবৰ হৈ নৃপেন ডেকা আৰু পাৰভিজ আজিজে ৩ টাকৈ উইকেট দখল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *