অলিম্পিয়া প্ৰতিবেদন
অসমৰ বৰ্ষীয়ান ৰাজনীতিবিদ তথা ৰাজ্যৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাই। এ চি এৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিত শইকীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শোকসন্তপ্ত পৰিয়াললৈ শ্ৰদ্ধা জ্ঞাপন কৰে।
পোন্ধৰাটাকৈ কাৰ্যকালত অসমক সবল নেতৃত্ব প্ৰদান কৰা গগৈ আছিল অসম ক্ৰিকেট সন্থাৰো মুখ্য পৃষ্ঠপোষক। অসম ক্ৰিকেট সন্থাৰ বর্ষাপাৰা ষ্টেডিয়ামখনৰো শিলান্যাস কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ লগতে তেওঁ আছিল অসম অলিম্পিক সন্থাৰো প্ৰাক্তন সভাপতি। তেওঁৰ কাৰ্যকালতে অসমে সফলতাৰে আয়োজন কৰিছিল ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ।
উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান জনাই অসম ক্ৰিকেট সন্থাই তিনিদিনৰ বাবে তেওঁলোকৰ পতাকা অৰ্ধনমিত কৰি ৰাখিব।
You may also like
ৰাহুল পেণিকাৰ কোন? আমি কিয় জনা উচিত ৰাহুল পেনিকাৰক?
ফেব্ৰুৱাৰীত GSAৰ আম্পায়াৰৰ পৰীক্ষা
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিৰিজ জয়ৰ অন্যতম নায়ক ঋষভ পন্টৰ অভিলেখ!
ৰাজ্যৰ ক্ৰীড়াৰ উন্নয়নৰ বাবে কাম কৰিব ড্ৰীম ইলেভেনে
ঐতিহাসিক বিজয়ৰ আনন্দ উদযাপন কৰা কিন্তু সতৰ্ক হোৱা আচল টীমটো কিছু সপ্তাহ পিছত আহিব যাক তোমালোকে পৰাজিত কৰিব লাগিব