‘চাইক্লিং যে এবিধ খেল সেয়া মই গমেই পোৱা নাছিলোঁ’ : জুনিয়ৰ এছিয়া কাপৰ ৰূপৰ পদক বিজয়ী এলিনা ৰেজী

খেল’ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত এইবাৰ সৰ্বমুঠ ২০ টা বিভিন্ন ক্ৰীড়া অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত চাইক্লিং অন্যতম। খেল’ইণ্ডিয়াৰ এই তৃতীয় সংস্কৰণত পোন প্ৰথমবাৰৰ বাব চাইক্লিং ইভেণ্ট অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ আগত চাইক্লিং খেল’ইণ্ডিয়াত নাছিল। এই চাইক্লিং ইভেণ্টত অংশগ্ৰহণ কৰিবলৈয়ে আহিছে কেৰেলাৰ এথলীট এলিনা ৰেজী। জুনিয়ৰ এছিয়া কাপত ৰূপৰ পদক বিজয়ী এইগৰাকী এথলীটে সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাব প্ৰকাশ কৰিছে।

‘চাইক্লিং যে এবিধ খেল সেয়া মই জনাই নাছিলোঁ। স্কুললৈ মই চাইকেল লৈয়ে অহা-যোৱা কৰিছিলোঁ। এদিন স্কুলত চাইক্লিং টিমৰ বাবে চিলেকচন ট্ৰায়েল অনুষ্ঠিত কৰাত মই ট্ৰায়েলত অংশগ্ৰহণ কৰোঁ আৰু নিৰ্বাচিত হ‌ও।’ এইদৰে সংবাদ মাধ্যমৰ আগত কয় এলিনাই।

অসমত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক খেল’ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰি সুখী অনুভৱ কৰা এলিনাই আকৌ কয় যে যিহেতু তেওঁৰ খেল’ইণ্ডিয়াত এয়াই শেষ অংশগ্ৰহণ সেয়ে সকলো কেইটা ইভেণ্টতে পদক দখল কৰাৰ আশা কৰিছোঁ।

২০১৬ চনত অনুষ্ঠিত হোৱা জুনিয়ৰ এছিয়া কাপত ব্যক্তিগতভাবে ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হোৱা এইগৰাকী এথলীটে ভাৰতৰ জাৰ্ছি পৰিধান কৰি দেশলৈ পদক কঢ়িয়াই আনি অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰিছে বুলিও জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *