বি চি চি আইৰে মতানৈক্য বিৰাট কোহলিৰ? অধিনায়ক পদ হেৰুওৱাৰ আঁৰৰ কাহিনী

অলিম্পিয়া প্রতিবেদন

দিন ভালে যোৱা নাই কিং কোহলিৰ। আগ্ৰাসী মনোভাৱেই কাল হ’ল নেকি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰগৰাকীৰ? হঠাৎ কিয় টি-টুৱেন্টি দলৰ অধিনায়কৰ পদৰ পৰা অব্যাহতি ল’বলগীয়া হ’ল বিৰাট কোহলিয়ে? দেশৰ অগণন ক্ৰিকেটপ্ৰেমীৰ মনত উদয় হৈছে তেনে অসংখ্য প্ৰশ্নৰ। প্ৰকৃততে কি পৰিস্থিতিত পৰি ভাৰতৰ অন্যতম সফল অধিনায়কজনে টি-টুৱেন্টি দলৰ অধিনায়কৰ পদৰ পৰা অব্যাহতি ল’লে সেই কথাক লৈ এতিয়া চর্চা হৈছে সৰ্বত্ৰে।

উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে ক্ৰিকেটাৰগৰাকীয়ে সামাজিক মাধ্যম যোগে ঘোষণা কৰিছিল টি-টুৱেন্টি দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি লোৱাৰ কথা। আগন্তুক টি-টুৱেন্টি বিশ্বকাপৰ পিছতেই অধিনায়ক পদ এৰিব কোহলিয়ে। হঠাৎ ক্ৰিকেটাৰগৰাকীৰ এনে ঘোষণাত স্তম্ভিত হৈ পৰে দেশৰ অগণন ক্ৰিকেটপ্ৰেমী। ক্ৰিকেটাৰগৰাকীৰ এই ঘোষণাৰ পিছতেই এতিয়া পোহৰলৈ আহিছে কেতবোৰ অনাকাংক্ষিত কথা।

জানিবলৈ পোৱা মতে কোহলিৰ সৈতে ক্ৰমাৎ দূৰত্ব বাঢ়ি আহিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ। বি চি চি আইৰে সঘন মনোমানিল্য হৈ আহিছিল তাৰকা ক্ৰিকেটাৰগৰাকীৰ। আশ্বৰ্যজনকভাৱে মনোমানিল্যৰ কাৰণ আছিল ভাৰতীয় দলৰ আন এগৰাকী তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মা। খবৰ অনুসৰি ৰোহিতক সহ:অধিনায়ক পদৰ পৰা আঁতৰোৱাৰ পোষকতা কৰিছিল বিৰাট কোহলিয়ে। ইয়াৰ বাবে আনকি বি চি চি আইলৈও জনাইছিল আৱেদন। কোহলিয়ে ৰোহিতৰ পৰিৱৰ্তে কে এল ৰাহুলক সহ অধিনায়ক পদত অধিষ্ঠিত কৰাৰ বাবে অনুৰোধ কৰিছিল বোৰ্ডক। কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে গ্ৰহণ কৰা নাছিল কোহলিৰ প্ৰস্তাৱ।

কোহলিৰ এনে মনোভাৱৰ বাবে আনকি বোৰ্ডৰ দ্বাৰা সমালোচিতও হৈছিল ক্ৰিকেটাৰগৰাকী। ক্ৰমাৎ বি চি চি আইৰে দূৰত্ব বাঢ়িছিল অধিনায়ক কোহলীৰ। যিকোনো মুহূৰ্ততে টি-টুৱেন্টি দলৰ অধিনায়কৰ পদৰ পৰা কোহলিক অপসাৰণ কৰাৰ বাবে সাজু হৈছিল ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সন্থাটো। কিন্তু বোৰ্ডে অপসাৰণ কৰাৰ আগতেই নিজেই উক্ত পদ এৰাই ভাল বুলি ভাবিলে কিং কোহলিয়ে। এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়কৰ পদত অধিক মনোনিৱেশ কৰাৰ দোহাই দি সেয়ে বৃহস্পতিবাৰে ক্ৰিকেটাৰজনে কৰি পেলালে এই ডাঙৰ ঘোষণা।

Leave a Reply

Your email address will not be published. Required fields are marked *