স্তম্ভিত ক্ৰিকেট প্ৰেমী।গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙ!

অলিম্পিয়া প্ৰতিবেদন

বিপদত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙ।অনুসূচিত জাতিৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙ। হাঞ্চি সদৰ থানাত যুৱৰাজ সিঙৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ।

বেটিঙৰ যাদুৰে বিশ্ব ক্ৰিকেটক মোহাচ্চন্ন কৰি ৰখা এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ ভাৰতীয় ক্ৰিকেটলৈ অৱদান সৰ্বজনবিদিত। পিছে এইবাৰ ক্ৰিকেটৰ বাবে চৰ্চিত হোৱা নাই যুৱৰাজ। সামাজিক মাধ্যমত কৰা এক মন্তব্যৰ বাবেই হৈছে এই চৰ্চা। প্ৰথমে গ্ৰেপ্তাৰ, তাৰপাছত জামিন। ইয়াকে লৈ এতিয়া তোলপাৰ ক্ৰীড়াজগত।

অভিযোগ অনুসৰি তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে ৰোহিত শৰ্মাৰ সৈতে লাইভ চাটত য়ুজবেন্দ্ৰ চাহালৰ সন্দৰ্ভত এক জাতিবিদ্বেষমূলক মন্তব্য কৰিছিল। ইয়াৰ পাছতে যুৱৰাজ সিঙৰ এই মন্তব্যক লৈ সৃষ্টি হৈছিল সৰৱ চৰ্চা।বিভিন্নজনে দীৰ্ঘদিন ধৰি যুৱৰাজ সিঙক এই মন্তব্যৰ বাবে ক্ষমা খোজাৰো দাবী জনাই আহিছিল।

উল্লেখযোগ্য যে হাৰিয়ানাৰ এজন লোকে প্ৰাক্তন ক্ৰিকেটাৰজনৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে যুৱৰাজ সিঙ ছণ্ডীগড় যায়। অৱশেষত হান্সি আৰক্ষীয়ে ১৫৩(A) আৰু ৫০৫ অধীনত গ্ৰেপ্তাৰ কৰে যুৱৰাজ সিঙক। অৱশ্যে কেইঘন্টামানৰ পাছতে অন্তৰ্ৱতী জামিন লাভ কৰিলে ক্ৰিকেটাৰগৰাকীয়ে।


আনহাতে যুৱৰাজ সিঙে এই বিৰ্তকিত পোষ্টটোৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰি ইতিমধ্যেই ক্ষমা বিছাৰিছে। তেওঁৰ মতে, কাৰোবাৰ আবেগত আঘাত হানিবলৈ এই মন্তব্য কৰা নাছিল। ক্ৰিকেট তাৰকাগৰাকীৰ গ্ৰেপ্তাৰে স্তম্ভিত কৰিছে যুৱৰাজ সিঙৰ অনুৰাগীক।

ক্ৰিকেটাৰগৰাকীৰ অগণন অনুৰাগীয়ে আশা কৰিছে সোনকালেই তেওঁলোকৰ প্রিয় ক্ৰিকেটাৰগৰাকী দোষমুক্ত হওঁক। বিতৰ্কৰ পৰা আঁতৰি থাকক ভাৰতীয় ক্ৰিকেটৰ বহু যুঁজৰ নায়ক যুৱৰাজ সিং।

Leave a Reply

Your email address will not be published. Required fields are marked *