নাৰ্গেছ ট্ৰফীৰ কোৱালিফায়িং ৰাউণ্ডলৈ সাজু অসমৰ দৃষ্টিহীন ক্ৰিকেটৰ দল।নগাঁৱত কঠোৰ অনুশীলন ।

অলিম্পিয়া প্ৰতিবেদন

সম্পন্ন হ’ল দৃষ্টিহীন ক্ৰিকেটৰ অসম দলটোৰ বাছনি প্ৰক্ৰিয়া ।লক্ষ্য দৃষ্টিহীন ক্ৰিকেটৰ বৃহৎ ক্ৰীড়া সমাৰোহ নাৰ্গেছ ট্ৰফী । ২৬অক্টোবৰত ছণ্ডীগড় নাৰ্গেছ ট্ৰফীৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী খেলত অৱতীৰ্ণ হ’ব অসমৰ দলটো।তাৰবাবে নগাওঁ বহমপুৰ অন্ধ বিদ্যালয়ৰ সমীপত খেলুৱৈসকলে আজিৰ পৰা আৰম্ভ কৰিছে অনুশীলন ।


চলিত মাহৰ ৭অক্টোবৰৰ পৰা কেয়াৰ ইউ ৩৬৫ নামৰ বে-চৰকাৰী সংস্থাৰ উদ্যোগত নুনমাটি শোধনাগাৰ খেলপথাৰত এক বাচনি ও প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছিল ।য’ত অংশ লৈছিল ভাৰতীয় দৃষ্টিহীনক্ৰিকেট দলৰ উপ-অধিনায়ক ভেংকটেশ ৰাও আৰু পশ্চিমবংগ দৃষ্টিহীন ক্ৰিকেট দলৰ অধিনায়ক তনুময় ভৌমিকে।অসমৰ ১৬ খন জিলাৰ ৩২ গৰাকী খেলুৱৈৰ মাজৰ পৰা নিৰ্বাচিত কৰা হৈছিল ১৪ গৰাকী খেলুৱৈক।নিৰ্বাচিত খেলুৱৈসকল হ’ল ক্ৰমে বি ৱান শাখাত প্ৰতাপ ৰাজবংশী, প্ৰদ্যুম্ন বৰা, আকাশ টেৰণ, অজয় মুণ্ডা ,আমিনুল খান।আনহাতে বি টু শাখাত আছে ৰাজদ্বীপ, ধনদাস, হেমন্ত দত্ত নৱজ্যোতি ঢেকিয়াল ফুকন, মন্টু কুটুম আৰু বি থ্ৰী শাখাত হিমাংশু নাথ, মঞ্জিত চৌধাৰী, হোমেন বুুুুঢ়াগোহাঁই আৰু নিপুন কলিতা।


বৰ্তমান অসম দলৰ এইসকল খেলুৱৈয়ে বাহৰ পাতিছে নগাঁও বঢ়মপুৰ অন্ধ বিদ্যালয়ত।অৱশ্যে প্ৰথম অৱস্থাত অনুশীলনৰ বাবে খেলপথাৰ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল খেলুৱৈসকলে।অৱশেষত শিক্ষক দীপেন বৰুৱাৰ নেতৃত্বত বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ সমীপৰ বেটেলিয়ান কেম্পৰ খেলপথাৰত অনুশীলনৰ সুবিধা লাভ কৰে খেলুৱৈসকলে।খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে কেয়াৰ ইউ ৩৬৫ ৰ সদস্য তথা কেব আসামৰ প্ৰশিক্ষক চাহিল ৰহমানে।২০ অক্টোৱৰৰ পৰা ২৪অক্টোবৰলৈ নগাঁওৰ বঢ়মপুৰতেই চলিব তেওঁলোকৰ অনুশীলন ।২৫ অক্টোবৰত গুৱাহাটীৰ পৰা বিমানযোগে ছণ্ডীগড় অভিমুখে ৰাওনা হ’ব দলটো।ছণ্ডীগড়ৰ কোৱালিফায়িং ৰাউণ্ডত বাছনি হলেই দলটোৱে অংশ লব পাৰিব নাৰ্গেছ ট্ৰফীত ।


এইসকল নৱপ্ৰজন্মৰ খেলুৱৰ সৈতে দিনে-নিশাই কষ্ট কৰিছে কেয়াৰ ইউ ৩৬৫ ৰ সদস্যসকলে ।অন্ধ খেলুৱৈসকলৰ প্ৰৱল আত্মবিশ্বাস, অদম্য সাহস আৰু উদম্যক এক সঠিক বাট দেখুৱাইছে কেয়াৰ ইউ ৩৬৫ সদস্যসকলে।উল্লেখযোগ্য যে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অহা ১৭ নৱেম্বৰৰ পৰা দৃষ্টিহীন সকলৰ বাবে অনুষ্ঠিত হ’ব চৰ্তুথ ৰাষ্ট্ৰীয় নাৰ্গেছ ট্ৰফী ।২৩ নৱেম্বৰত এই প্ৰতিযোগিতাৰ কোৱাটাৰ ফাইনেল অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৪ তাৰিখে ছেমি ফাইনেল আৰু ২৫ নৱেম্বৰত ফাইনেল খেলসমূহ অনুষ্ঠিত হ’ব ।

ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব অসমৰ দৃষ্টিহীন ক্ৰিকেটৰ দলটোৱে চৰকাৰৰ সহযোগিতা লাভ কৰক।লগতে, কোৱালিফায়িং ৰাউণ্ডত বাছনি হৈ নাৰ্গেছ ট্ৰফীত অংশ গ্ৰহণৰ পথ প্ৰশস্ত কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *