জুনিয়ৰ আৰু ছাব-জুনিয়ৰৰ ৰাষ্ট্ৰীয় সাঁতোৰত অসমৰ ৩১ টাকৈ পদক অৰ্জন

অলিম্পিয়া প্রতিবেদন

পুনৰ ৰাষ্ট্ৰীয় স্তৰত উজলিছে অসমৰ খেলুৱৈ। বেংগালুৰুত অনুষ্ঠিত হৈ থকা নেচনেল একোৱাটিক চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ চমকপ্ৰদ প্রদর্শন। প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু ছাব জুনিয়ৰত অসমে লাভ কৰিছে ৩১ টাকৈ পদক।

বেংগালুৰুত সম্প্ৰতি অনুষ্ঠিত হৈ আছে নেচনেল একোৱাটিক চেম্পিয়নশ্বিপ। প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু ছাব জুনিয়ৰত জিলিকি উঠিছে অসমৰ সন্তৰণবিদসকল। জুনিয়ৰ তথা ছাব-জুনিয়ৰ উভয়তে অসমে ৯ টাকৈ স্বৰ্ণ, ১১ টাকৈ ৰূপ আৰু সমানসংখ্যক ব্ৰঞ্জ লাভ কৰি কঢ়িয়াই আনিছে ৰাজ্যলৈ সুনাম।

প্ৰতিযোগিতাৰ প্ৰথমটো দিনতে ছাব- জুনিয়ৰ সাঁতোৰত শিৱসাগৰৰ আদ্ৰেজাৰাণী চেতিয়াই ৩ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়। ৯ বছৰ অনুৰ্ধ শাখাত আদ্ৰেজাৰাণীয়ে ২ টা স্বৰ্ণ আৰু ১ টা ৰূপ লাভ কৰে।
ইপিনে অসমৰ আন এগৰাকী তাৰকা সাঁতোৰবিদ আস্থা চৌধুৰীয়ে ৰাষ্ট্ৰীয় অভিলেখ স্থাপনৰে স্বৰ্ণ আজুৰি আনিবলৈ সক্ষম হয়। আস্থাই ছোৱালীৰ ১০০ মিটাৰ বাটাৰফ্লাইত এই অভিলেখ গঢ়ে।

আদ্ৰেজাৰাণী, আস্থা চৌধুৰীৰ বাহিৰেও প্ৰতিযোগিতাখনত উজলি উঠে আন বহুকেইগৰাকী সাঁতোৰবিদ। সেইসকলৰ ভিতৰত অনাশা শৰ্মা, আয়ুস বৰা, ভূমিকা কাশ্যপ, জাহ্নৱী কাশ্যপ, ভাৰ্গৱ ফুকন আদি অন্যতম। জাহ্নৱী কাশ্যপে ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপ জয় কৰাৰ লগতে ৫০ মিটাৰ ফ্ৰী ষ্টাইলতো লাভ কৰে ব্ৰঞ্জৰ পদক। ইপিনে ভাৰ্গৱ ফুকনে ২০০ মিটাৰ ব্রেষ্ট ষ্ট্ৰ’কত ৰূপ আৰু ফ্ৰী ষ্টাইল ৰিলেত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

ডাইভিঙত পোন প্ৰথমবাৰৰ বাবে অংশ লৈ অসমে দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, অসমে ৱাটাৰ প’ল’ আৰু ডাইভিঙত পোন প্ৰথমবাৰৰ বাবে অংশ লৈছে। অসম দলটোৰ প্ৰশিক্ষক হিচাবে আছে বাবুল গুৰুং। অসমৰ সামগ্ৰিক সাফল্যত দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *