অলিম্পিয়া প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাৰ মহানুভৱতা। ক্ৰিকেট সন্থাটোৱে আগবঢ়াইছে দুগৰাকীকৈ প্ৰাক্তন ক্ৰিকেটাৰলৈ চিকিৎসা সাহাৰ্য্য। অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা তিতাবৰৰ ক্ৰীড়া সংগঠক আছিফ ইকবাল হুছেইন আৰু আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ অতীন্দ্ৰনাথ ঠাকুৰলৈ ৫০,০০০ টকাকৈ অৰ্থ সাহাৰ্য্য আগবঢ়াইছে অসম ক্রিকেটৰ অভিভাৱক সন্থাটোৱে।
উল্লেখযোগ্য যে, তিতাবৰৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰীড়া সংগঠক আছিফ ইকবাল হুছেইন দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ মুম্বাইত চিকিৎসাধীন হৈ আছে। হুছেইন তিতাবৰ ক্ৰিকেট সন্থাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকাৰ লগতে ২০০৯ চনৰ পৰা সন্থাটোৰ সম্পাদকৰ দায়িত্বতো আছে।
হুছেইনৰ বাহিৰেও আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰীড়া সংগঠক ডিব্ৰুগড়ৰ অতীন্দ্ৰনাথ ঠাকুৰো একেদৰে দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে অতীন্দ্ৰনাথ ঠাকুৰে কোচবিহাৰ ট্ৰফী আৰু চি কে নাইডু ট্ৰফীত অসম দলক প্ৰতিনিধিত্ব কৰিছিল।
দুয়োগৰাকী চিকিৎসাধীন প্ৰাক্তন খেলুৱৈলৈ এচিএ’ই অৰ্থ সাহাৰ্য্য আগবঢ়োৱা কাৰ্যক আদৰণী জনাইছে
অসম প্ৰবীণ ক্ৰিকেট সন্থাই।
You may also like
টি-২০ বিশ্বকাপৰ বাবে সাজু ৯ খন ষ্টেডিয়াম : প্ৰয়োজনত শ্ৰীলংকা অথবা UAE লৈয়ো স্থানান্তৰ হব পাৰে প্ৰতিযোগিতাখন
১৭ বাৰ অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰা এটা পৰিয়াল
শীঘ্ৰেই আমাজন প্ৰাইমত “মাৰাডোনা”: মুকলি হল টিজাৰ
অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি বিশ্বাসী হিমা দাস
প্ৰাক্তন ক্ৰীড়া বিষয়া, ক্ৰীড়া সংগঠক শিৱ শংকৰ ৰয়ৰ মৃত্যুত অসম খো-খো সন্থাৰ শোক প্ৰকাশ