দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন
উত্তৰ প্ৰদেশৰ ঝাঁচীত চলি থকা ১১ সংখ্যক হকী ইণ্ডিয়া ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা হকী প্ৰতিযোগিতাত অসম দলে ‘পুল’ৰ নিজৰ দ্বিতীয়খন খেলত চমকপ্ৰদ প্ৰদৰ্শনৰে জম্মু এণ্ড কাশ্মীৰ দলক ৬-১ গ’লত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে । পুল ‘এইছ’ত অসমে নিজৰ প্ৰথম খেলখনত শক্তিশালী উত্তৰ প্ৰদেশৰ বিপক্ষে ০-২ গ’লত পৰাজয়বৰণ কৰিছিল যদিও আজি অসমৰ খেলুৱৈসকলে জম্মু এণ্ড কাশ্মীৰৰ দলটোৰ বিপক্ষে সংঘবদ্ধ খেলেৰে সুন্দৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।
অসম হকীৰ সম্পাদক তপন কুমাৰ দাসে জনোৱা মতে, আজিৰ খেলখনত অসম দলটোৰ হৈ এলিনা টিগ্গাই তিনিটা গ’ল স্ক’ৰ কৰি নিজৰ দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বিপৰীতে সাক্ষী, মিল্কা আৰু ফুলকুঁৱৰীয়ে এটাকৈ গ’ল স্ক’ৰ কৰে। পুল ‘এইছ’ত অসমৰ লগতে আছে উত্তৰ প্ৰদেশ, কেৰেলা আৰু জম্মু এণ্ড কাশ্মীৰ দল। অসমৰ ছিনিয়ৰ মহিলা হকী দলটোৱে অহা ২৫ অক্টোবৰত নিজৰ পৰৱৰ্তী ‘পুল’ৰ খেলত কেৰেলা দলৰ বিপক্ষে অৱৰ্তীণ হ’ব বুলি জানিব পৰা গৈছে ৷