বি চি চি আইত চাকৰি ওলাইছে; চাওঁক প্রার্থীৰ বাবে প্ৰয়োজনীয় যোগ্যতা

অলিম্পিয়া প্রতিবেদন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বি চি চি আইয়ে ছিনিয়ৰ পুৰুষ দলৰ বাবে বহুকেইটা পদত আৱেদন আহ্বান কৰিছে যোগ্য প্ৰাৰ্থীৰ পৰা। বি চি চি আইৰ অফিচিয়েল ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি ভাৰতীয় ছিনিয়ৰ পুৰুষ দলৰ মুখ্য প্ৰশিক্ষক, বেটিং প্ৰশিক্ষক, বলিং প্ৰশিক্ষক, ফিল্ডিং প্ৰশিক্ষক আৰু এন চি এৰ স্পৰ্টছ ছায়েন্স এণ্ড মেডিচিনৰ হেড পদৰ বাবে এই আৱেদন আহ্বান কৰা হৈছে।

মুখ্য প্ৰশিক্ষকৰ প্রাৰ্থীগৰাকী কমেও ৩০ খন টেষ্ট আৰু ৫০ খন এদিনীয়া আন্তৰ্জাতিকত ভাগ লোৱা অভিজ্ঞতা থাকিব লাগিব। ইয়াৰ বাহিৰেও তেওঁ টেষ্ট সদস্যপ্ৰাপ্ত যিকোনো ৰাষ্ট্ৰীয় দলত ২ বছৰৰ প্ৰশিক্ষকৰ অভিজ্ঞতাসম্পন্ন হ’ব লাগিব অথবা আই পি এল বা সমপৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট লীগ, প্ৰথম শ্ৰেণীৰ দল, নেচনেল এ দলত সৰ্বাধিক ৩ বছৰৰ প্ৰশিক্ষণৰ অভিজ্ঞতা থাকিব লাগিব। তাৰোপৰি প্রাৰ্থীগৰাকীৰ বয়স আৱেদন কৰাৰ সময়ত ৬০ বছৰৰ তলৰ হ’ব লাগিব।

মূখ্য প্ৰশিক্ষকৰ বাবে আৱেদনৰ শেষ তাৰিখ ২৬ অক্টোবৰ। বেটিং প্ৰশিক্ষক, বলিং প্ৰশিক্ষক, ফিল্ডিং প্ৰশিক্ষক আৰু এন চি এ স্পৰ্টছ ছায়েন্স এণ্ড মেডিচিনৰ হেডৰ বাবে আৱেদনৰ শেষ তাৰিখ নিৰ্ধাৰণ কৰা ৩ নৱেম্বৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *