অলিম্পিয়া প্ৰতিবেদন
কোকৰাঝাৰ জিলা বেডমিণ্টন সন্থাৰ উদ্যোগত যোৱা ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম নন ৰেকিং প্ৰাইজমাণি চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতা ২৭ নৱেম্বৰত শুভ উদ্ধোধন কৰে বি টি চিৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ চি এইচ ডি জ্যোৎস্নাৱতী মহিলাৰীয়ে। প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৯৩ টা দলে অংশগ্ৰহণ কৰে।
পুৰুষৰ ডাবলছৰ মুকলি প্ৰতিযোগিতাত বিজয় ব্ৰহ্ম আৰু দেৱ বৰদলৈয়ে চেম্পিয়নৰ সন্মান অৰ্জন কৰে। আনহাতে ৭৫ কেজি উৰ্দ্ধৰ শিতানত প্ৰিয়ম ভূঞা আৰু ইন্দ্ৰ দাস, ৯৫ কেজি উৰ্দ্ধৰ শিতানত নিখিল মুছাহাৰী আৰু বাস্তৱ নেওগ চেম্পিয়নৰ সন্মান অৰ্জন কৰে।২৮ নৱেম্বৰৰ নিশা অনুষ্ঠিত সামৰণি অনুষ্ঠানত কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি মাগুৰাম বাগলাৰী, সাধাৰণ সম্পাদক কবিৰঞ্জন ব্ৰহ্মকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিজয়ী প্ৰতিযোগীসকলৰ মাজত প্ৰাইজমাণি তথা ট্ৰফীসমূহ বিতৰণ কৰা হয়।
দুৰ্লভ তালুকদাৰৰ প্ৰতিবেদন