৬-১৭ নৱেম্বৰলৈ ওদালগুৰিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা

✍️ গৌতম জ্যোতি তালুকদাৰ

সৰ্বভাৰতীয় পৰ্যায়ৰ ২৭ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখনি অহা ৬ নবেম্বৰৰ পৰা ১৭ নবেম্বৰলৈ ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ওদালগুৰিৰ নলবাৰী খেলপথাৰত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে।

এই উপলক্ষে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীক মুখ্য পৃষ্ঠপোষক,ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীক সভাপতি আৰু ৰতেন্দ দৈমাৰীক মুখ্য আহ্বায়ক হিচাপে লৈ এখনি খেল পৰিচালনা সমিতি গঠন কৰা হৈছে।খেল পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰিবলৈ ৭ খনকৈ উপ সমিতি ও গঠন কৰা হয়।

মুখ্য আহ্বায়ক দৈমাৰীয়ে জনোৱা মতে-এইবাৰৰ প্ৰতিযোগিতাত অসমৰ মুঠ ১২ টা শক্তিশালী দলে অংশ গ্ৰহণ কৰিব।দল কেইটা হ’ল ক্ৰমে-অয়ল ইণ্ডিয়া (দুলীয়াজান),আসাম পুলিচ (গুৱাহাটী),এছ এছ বি(ৰাণীডঙ্গা,দাৰ্জিলিং),লানহিং ফুটবল ক্লাব (কাৰ্বিআংল‍‍ং), গ্লোবেল স্প’ৰ্চ একাডেমী(গোঁসাই গাঁৱ),ইউনাইটেড চিৰাং দুৱাৰ ফুটবল ক্লাব,একাদশ ষ্টাৰ ফুটবল একাডেমী (বঙাইগাঁও),দৈমালু ক্লাব (ওদালগুৰি),অৰগেং ফুটবল ক্লাব (ডিমাকুছি),নিউ মডেল স্প’ৰ্চ ক্লাব (ওদালগুৰি),ইডেন ফুটবল ক্লাব (ওদালগুৰি) আৰু কবিৰালি আদিবাসী ফুটবল একাডেমী(ওদালগুৰি)। প্ৰতিযোগিতাখনিত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ ক্ৰীড়া প্ৰেমী ৰাইজৰ প্ৰতি আহ্বান জনাইছে খেল পৰিচালনা সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *