মন্ত্ৰী পিযুষ হাজৰিকা আৰু আইমী বৰুৱাৰ দুই সন্তানৰ স্বৰ্ণ জয়

অলিম্পিয়া প্রতিবেদন

অসমৰ ৰাজনীতিৰ এখন চিনাকি মুখ। অসম চৰকাৰৰ বহুকেইটা বিভাগৰ গুৰু দায়িত্ব তেওঁৰ হাতত। অসমৰ প্ৰভাৱশালী ৰাজনীতিবিদ সকলৰ অন্যতম পিযুষ হাজৰিকা। কেইদিনমান আগতে অসম টেবল টেনিছ সন্থাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদতো অধিষ্ঠিত হৈছে মন্ত্ৰী হাজৰিকা। ইপিনে, তেওঁৰ পত্নী আইমি বৰুৱাও ৰাজ্যখনৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী। অভিনয়ৰে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা আইমি বৰুৱাৰো আছে এক সুকীয়া পৰিচয়। এফালে ৰাজনীতিত পিযুষ হাজৰিকাই আৰু অভিনয় ক্ষেত্ৰত আইমী বৰুৱাই জনপ্ৰিয়তা অর্জন কৰাৰ বিপৰীতে তেওঁলোকৰ দুই সন্তান পিছে উজলি উঠিছে আন এক ক্ষেত্ৰতহে।


অসমৰ অন্যতম হাই প্ৰফাইল দম্পতী পিযুষ হাজৰিকা আৰু আইমি বৰুৱাৰ দুগৰাকী সন্তান এইবাৰ জিলিকি উঠিছে ক্রীড়াক্ষেত্ৰত। দেওবাৰে দিছপুৰ স্কেটিং ৰিংকত অনুষ্ঠিত অল গুৱাহাটী স্পীড স্কেটিং প্ৰতিযোগিতাত মন্ত্ৰী পিযুষ হাজৰিকাৰ পুত্ৰ অথৰ্ব অৰ্জুন হাজৰিকা আৰু কন্যা আৰোহী আদিৰা হাজৰিকাই লাভ কৰিবলৈ সক্ষম হয় স্বৰ্ণ পদক। অথৰ্ব অৰ্ণব হাজৰিকাই ৯ বছৰ অনুর্ধ শাখাত অংশগ্ৰহণ কৰি স্বৰ্ণ জয় কৰাৰ বিপৰীতে কন্যা আৰোহী আদিৰা হাজৰিকাই অনুর্ধ ৫ বছৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে।

উল্লেখযোগ্য যে কন্যা আৰোহীৰ এইখনেই আছিল জীৱনৰ প্ৰথমখন প্ৰতিযোগিতা। তাৰ বিপৰীতে মন্ত্ৰী পুত্ৰ অথৰ্বৰ এয়া আছিল ক্রীড়া জীৱনৰ সপ্তমটো পদক। দুই সন্তানৰ এই সাফল্যত এতিয়া উৎফুল্লিত মাতৃ আইমী বৰুৱা। জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত সেয়ে তেওঁ লিখিছে , “মাতৃ হিচাবে আজি নথৈ আনন্দিত। দুয়োকে যেন আশীৰ্বাদ কৰে জীৱনত আগুৱাই যাবলৈ।”

https://m.facebook.com/story.php?story_fbid=389362735890383&id=100044499786897&sfnsn=wiwspwa

উল্লেখযোগ্য যে গুৱাহাটী ৰোলাৰ স্কেটিং সন্থাই আয়োজন কৰা উক্ত প্ৰতিযোগিতাত কামৰূপ জিলাৰ ১০০তকৈ অধিক স্কেটাৰ্ছে অংশগ্ৰহণ কৰে। অনুর্ধ ৫ ৰ পৰা ১৪ বছৰ বয়স শাখালৈ অনুষ্ঠিত উক্ত প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম ৰোলাৰ স্কেটিং সন্থাৰ সম্পাদক অনুপম শৰ্মা, সহকাৰী সম্পাদক দুলাল গোহাঁই, কোষাধক্ষ্য মানৱ মেধি, স্কেটব’ৰ্ডিং এছোচিয়েছন অৱ আছামৰ সভাপতি বিকাশ আগৰৱাল, চিকিৎসা পৰামৰ্শদাতা ডাঃ কৰবী হাজৰিকাকে ধৰি বিশিষ্ট ব্যক্তিসকল। উক্ত অনুষ্ঠানতে আগন্তুক নৱেম্বৰ মাহত সদৌ অসম স্পীড স্কেটিং প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথাও সন্থাৰ তৰফৰ পৰা ঘোষণা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *