অলিম্পিয়া প্রতিবদেন:
অষ্ট্ৰেলিয়াত ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলৰ সমুখত ইটোৰ পিছত সিটোকৈ বিপদ। চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত আঘাতে জৰ্জৰিত কৰি তুলিছে ভাৰতীয় ক্ৰিকেট দলটোক।
ছিডনী টেষ্টৰ সময়ত দেখা পোৱা গৈছিল ভাৰতীয় দলৰ অৰ্ধেক খেলুৱৈ আঘাতপ্ৰাপ্ত হোৱা। তৃতীয় টেষ্টত ৰবীন্দ্ৰ জাদেজা, অশ্বিন, হনুমান বিহাৰী, বুমৰাহকে ধৰি প্ৰায় সংখ্যক ক্ৰিকেটাৰেই আঘাতৰ সমস্যাত ভুগিছিল।
শেহতীয়াকৈ খবৰ আহিছে আঘাতৰ বাবেই মূল বলাৰ যশপ্ৰীত বুমৰাহো বাহিৰ হৈছে ভাৰতীয় দলৰ পৰা। বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰীছবেনত খেলিবলগীয়া চতুৰ্থখন টেষ্টত অংশ লব নোৱাৰিব যশপ্ৰীত বুমৰাহে।
ছিডনী টেষ্টৰ তৃতীয় দিনা ফিল্ডিং কৰি থকাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ভাৰতীয় দলৰ বেগী বলাৰগৰাকী।অৱশ্যে আঘাতৰ সন্মুখীন হোৱাৰ পিছতো খেল অব্যাহত ৰাখিছিল বুমৰাহে। খেলৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত ধৰা পৰে বুমৰাহৰ আঘাত ।
উল্লেখযোগ্য যে, ব্ৰীছবেন টেষ্টৰ পূৰ্বে আঘাতৰ সমস্যাৰ বাবেই ইতিমধ্যে ভাৰতীয় দলৰ পৰ বাহিৰ হ’বলগীয়া হৈছে ৰবীন্দ্ৰ জাডেজা আৰু হনুমা বিহাৰী।
সেইদৰে আঘাতপ্ৰাপ্ত হৈ আছে ঋষভ পন্ট আৰু চেতেশ্বৰ পূজাৰাও। তাৰমাজতে বুমৰাহৰ আঘাতে স্বাভাৱিকতে ভাৰতীয় শিৱিৰত শংকাৰ সৃষ্টি কৰিছে।