অলিম্পিয়া প্ৰতিবেদন, ডিফু
কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত কাৰবি আংলং ক্ৰীড়া সন্হা ‘কাছা’ৰ পৰিচালনাত যোৱা ৫ জানুৱাৰীৰ পৰা ডিফুৰ কাছা ষ্টেডিয়াম গ্ৰাউণ্ডত অনুষ্ঠিত চি ই এম স্বৰ্ণ কাপ ফুটবল চেম্পিয়নশ্বিপত ঘৰুৱা দলে খিতাপ দখল কৰে । কাৰবি আংলং মৰ্ণিং ষ্টাৰ বনাম হাইদৰাবাদ এফ চি ৰ মাজত সোমবাৰে অনুষ্ঠিত হয় ফাইনেলখন । ঘৰুৱা দল মৰ্ণিং ষ্টাৰ এফ চিয়ে হাইদৰাবাদএফ চিক ট্ৰাই বেকাৰৰ সহায়ত ৪ -২ গ’লৰ ব্যৱধানত পৰাভূত কৰি পঞ্চম চি ই এম স্বৰ্ণ কাপ হস্তগত কৰিছে ৷ শীতৰ সেমেকা নিশা ১০ সহস্ৰাধিক ক্ৰীড়ানুৰাগীৰ উপস্থিতিত তীব্ৰ আক্ৰমণ প্ৰত্যাক্ৰমণেৰে উজ্বীৱিত খেলখন গলশূন্যভাৱে সামৰনি পৰে ৷ পিছত অতিৰিক্ত সময়তো সমতা স্হাপন হৈ ৰোৱাত টাই ব্ৰেকাৰৰ জড়িয়তে ঘৰৱা দল মৰ্ণিং ষ্টাৰ এফ চিয়ে ৪-২ গলত বিজয় স্যাবস্ত কৰে ৷ হাইদৰাবাদ এফ চিৰ চি লাল চুং নংগাই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ, অমল কুমাৰ চাহানী শ্ৰেষ্ঠ গলৰক্ষক আৰু মৰ্ণিং ষ্টাৰ এফ চিৰ লুৱাংগাই সৰ্বাধিক গ’লদাতাৰ সন্মান লাভ কৰে ৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাযবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ট্ৰফী আৰু প্ৰাইজমানী বিতৰণ কৰাৰ লগতে স্মৰণিকা উন্মোচন কৰে ৷ অনুষ্ঠানত ডিফুৰ স্হানীয় বিধায়ক বিদ্যাছিং ইংলেঙা উপস্থিত আছিল ।