চেন্নাই ছুপাৰ কিংছৰ বিশেষ অভিলেখ!

অলিম্পিয়া প্ৰতিবেদন

চলিত চিজনত আই পি এলৰ ইতিহাসৰ আটাইতকৈ সফল দল চেন্নাই ছুপাৰ কিংছে ঘূৰাই পোৱা নাই ছন্দ। ইউনাইটেড আৰব এমিৰাটছত প্ৰদৰ্শন সন্তোষজনক নহয় মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন দলটোৰ। তাৰ মাজতে কিন্তু দলটোৰ অনুৰাগীসকলৰ বাবে আহিছে এক সুখবৰ। এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে চেন্নাই ছুপাৰ কিংছে।

কালি অনুষ্ঠিত এখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি এই অভিলেখ গঢ়ে দলটোৱে। কালি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আছিল দলটোৰ দশমসংখ্যক জয়। এনেদৰেই চেন্নাই এতিয়া আই পি এলৰ প্ৰতিটো দলকে দহ অথবা ততোধিক বাৰকৈ পৰাস্ত কৰা একমাত্ৰ দল হিচাবে পৰিগণিত হয়। অৰ্থাৎ দলটোৱে আই পি এলৰ প্রতিটো দলকে এই পৰ্যন্ত কমেও দহখনকৈ মেচত পৰাস্ত কৰিছে।

উল্লেখ্য যে, মঙ্গলবাৰৰ মেচখনত চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি ছানৰাইজাৰ্ছক জয়ৰ বাবে ১৬৮ ৰানৰ লক্ষ্য বান্ধি দিছিল। ছানৰাইজাৰ্ছে সেই লক্ষ্য আগত লৈ ১৪৭ ৰানতে ইনিংছ সমৰিবলৈ বাধ্য হয়।

চলিত চিজনত ক্ৰমাগতভাৱে বিফলতাৰ সন্মুখীন হোৱা দলটোৰ ৮ খন মেচৰ ভিতৰত এয়া আছিল তৃতীয়টো জয়। দলটো বৰ্তমান পইণ্টছ তালিকাৰ ষষ্ঠ স্থানত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *