টকিঅ’ অলিম্পিকৰ চীফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা

অলিম্পিয়া প্ৰতিবেদন

টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ চীফ অৱ দ্য মিছনৰ দায়িত্ব পালন কৰিছিল তেওঁ। দেশৰ আগশাৰীৰ ক্ৰীড়া সংগঠকসকলৰ সৈতে সঘনে উচ্চাৰিত হয় তেওঁৰ নাম। ৰাজ্যৰ এগৰাকী সফল ৰাজনীতিবিদ, এসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বৃহস্পতিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে অসম অলিম্পিক সন্থাই। অসম অলিম্পিক সন্থাৰ হৈ তেওঁক সম্বৰ্ধনা জনায় সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, সন্থাৰ উপ-সভাপতি ক্ৰমে, বিষ্ণুৰাম নুনিছা, ৰাজীৱ প্ৰকাশ বৰুৱা আদিয়ে।

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত সভাত অসম অলিম্পিক সন্থাৰ লগতে আন বহুকেইটা ক্ৰীড়া সংগঠনে সম্বৰ্ধনা জনায় ক্ৰীড়া সংগঠকগৰাকীক। উল্লেখযোগ্য যে, ভাৰতীয় অলিম্পিক সন্থাই বৈশ্যৰ হাতত অৰ্পণ কৰিছিল ভাৰতীয় দলৰ চীফ অৱ দ্য মিছনৰ দৰে গুৰু দায়িত্ব। ক’ভিড বিভীষিকাৰ মাজতে ভাৰতীয় দলটোৰ সঠিক পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সাধুবাদৰ পাত্ৰ হৈছে ৰাজ্যৰ প্ৰবীণ ৰাজনীতিবিদগৰাকী। সুকলমে ভাৰতীয় দলটোৰ নেতৃত্ব দিবলৈ সক্ষম হোৱা বৈশ্যক এই সভাতে অসম ফেন্সিং সন্থা, অসম খো খো সন্থা, অসম ট্ৰাইথালন সন্থা, অসম চেপাক টাক্ৰ’ সন্থা, অসম ট্ৰেডিচনেল ড্ৰেগণ ব’ট এচ’ছিয়েছন, অসম লন বল সন্থা, অসম এমেচাৰ বক্সিং সন্থা আদি ক্ৰীড়া সন্থাই শুভেচ্ছা জনায়।

আনহাতে অসম ভাৰত্তোলন সন্থাৰ কাৰ্যনিৰ্বাহক সভাৰ লগত সংগতি ৰাখি উক্ত অনুষ্ঠানতে সন্থাৰ অন্তৰ্গত বিভিন্ন জিলা সন্থায়ো অভিনন্দন জ্ঞাপন কৰে বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীক। প্ৰণিধানযোগ্য যে ভাৰতীয় ভাৰত্তোলন সন্থাৰ সভাপতি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ প্ৰচেষ্টাতে সন্থাই ভাৰতীয় অলিম্পিক সন্থাত অন্তৰ্ভুক্তি লাভ কৰিছিল। তেওঁৰ নেতৃত্বতে ক্ৰমাগতভাৱে ভাৰত্তোলন ক্ষেত্ৰখনত দেশে কঢ়িয়াবলৈ সক্ষম হৈছে সুনাম।

ইপিনে, উক্ত সম্বৰ্ধনা অনুষ্ঠানতে অসমৰ একমাত্ৰ ক্ৰীড়া আলোচনী অলিম্পিয়াৰ তৰফৰ পৰাও সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদগৰাকীয়ে উল্লেখ কৰে টকিঅ’ অলিম্পিকৰ বৰ্ণময় অভিজ্ঞতাৰ কথা। অসমৰ হৈ পোন প্ৰথমবাৰৰ বাবে অলিম্পিক পদক কঢ়িয়াই অনা তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইৰ সৈতে হোৱা অভিজ্ঞতাৰ বিষয়েও উল্লেখ কৰি তেওঁ তাৰকা বক্সাৰগৰাকীৰ ভূয়সী প্ৰশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *