এ চি এৰ ক্লাছ থ্ৰী আম্পায়াৰৰ পৰীক্ষা

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাই অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিছে আম্পায়াৰৰ ক্লিনিক কাৰ্যসূচী তথা পৰীক্ষাৰ। অসমৰ ১২ খন জিলাৰ মুখ্য কাৰ্যালয়ত আয়োজিত উক্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা আম্পায়াৰসকলক সংশ্লিষ্ট জিলাসমূহৰ সাধাৰণ সম্পাদকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। অসমৰ সকলো জিলাৰ ইচ্ছুক আম্পায়াৰে ক্ৰমে তেজপুৰ, নাজিৰা, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, বঙাইগাঁও, গুৱাহাটী, নগাঁও, ওদালগুৰি, বৰপেটা, শিলচৰ, যোৰহাট জিলাৰ সাধাৰণ সম্পাদকসকলৰ সৈতে যোগাযোগ কৰিব লাগিব।

এ চি এৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পোৱা অনুসৰি তেজপুৰত শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলি, নাজিৰাত নাজিৰা, চৰাইদেউ আৰু শিৱসাগৰ, ধেমাজিত ধেমাজি, উত্তৰ লখিমপুৰ, ডিব্ৰুগড়ত ডিব্ৰুগড় আৰু নাহৰকটিয়া, তিনিচুকীয়াত তিনিচুকীয়া আৰু মাৰ্ঘেৰিটা, বঙাইগাঁৱত বঙাইগাঁও, গোৱালপাৰা, উত্তৰ শালমাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু বিলাসীপাৰা, গুৱাহাটীত গুৱাহাটী, মঙলদৈ, ৰঙিয়া আৰু এন এফ ৰেলৱে, নগাঁৱত নগাঁও, মৰিগাঁও, হোজাই আৰু কলিয়াবৰ, ওদালগুৰিত ওদালগুৰি, বৰপেটাত বৰপেটা, বজালী আৰু নলবাৰী, শিলচৰত শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বিআংলং, ডিমা হাছাও আৰু লক্ষীপুৰ, যোৰহাটত যোৰহাট, গোলাঘাট, বোকাখাত আৰু তিতাবৰক সামৰি লোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *