চাবুৱাত দুখনকৈ ষ্টেডিয়ামৰ আধাৰশিলা সম্পন্ন

অলিম্পিয়া প্ৰতিবেদন

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুধবাৰে চাবুৱাত দুখনকৈ ষ্টেডিয়ামৰ আধাৰশিলা উদ্ধোধন কৰে। উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি, ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝা আদি বিশিষ্ট ব্যক্তিসকল।

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অন্তৰ্গত নিৰ্মান হ’বলগীয়া ইন্দ’ৰ ষ্টেডিয়ামখনৰ নিৰ্মাণত ২.৩৩ কোটি টকা ব্যয় হোৱাৰ বিপৰীতে চাবুৱা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামখনৰ নিৰ্মাণত ব্যয় হ’ব প্ৰায় ৯.৮৭ কোটি টকা।

নিজৰ টুইটাৰ একাউণ্টত সোনোৱালে কয় যে ষ্টেডিয়াম দুখনৰ নিৰ্মাণে অসমৰ ক্ৰীড়া আন্তঃগাঁথনিলৈ আমূল পৰিবৰ্তন আনিব।

Leave a Reply

Your email address will not be published. Required fields are marked *