প্ৰাক্তন ক্ৰিকেটাৰ তথা গোৱালপাৰা জিলা ক্ৰিকেট সন্থাৰ প্ৰশিক্ষক উৎপল কলিতাৰ কালি এক পথ দুৰ্ঘটনাত মৃত্যু হয়। কলিতাৰ মৃত্যুত অসম ক্ৰিকেট সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে।

অসম ক্ৰিকেট সন্থাই প্ৰেৰণ কৰা এক শোক বাৰ্তাত প্ৰয়াত কলিতা সম্পৰ্কত কয় যে, স্বৰ্গীয় উৎপল কলিতা এজন ভাল ক্ৰিকেটাৰ, প্ৰশিক্ষক আৰু সংগঠক আছিল।
কলিতাৰ মৃত্যুত আজি অসম ক্ৰিকেট সন্থাই বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ নিজা ষ্টেডিয়ামত থকা কাৰ্যালয়ত এক শোক সভা অনুষ্ঠিত কৰে আৰু প্ৰয়াত কলিতাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে।

You may also like
টি-২০ বিশ্বকাপৰ বাবে সাজু ৯ খন ষ্টেডিয়াম : প্ৰয়োজনত শ্ৰীলংকা অথবা UAE লৈয়ো স্থানান্তৰ হব পাৰে প্ৰতিযোগিতাখন
১৭ বাৰ অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰা এটা পৰিয়াল
শীঘ্ৰেই আমাজন প্ৰাইমত “মাৰাডোনা”: মুকলি হল টিজাৰ
অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি বিশ্বাসী হিমা দাস
প্ৰাক্তন ক্ৰীড়া বিষয়া, ক্ৰীড়া সংগঠক শিৱ শংকৰ ৰয়ৰ মৃত্যুত অসম খো-খো সন্থাৰ শোক প্ৰকাশ
We all will miss you badly Bappi…May your soul rest in eternal peace…..