ফাঁচীৰ সন্মুখীন হোৱা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰগৰাকী

বিশেষ লেখা

ক্ৰিকেট মানেই ভদ্ৰ লোকৰ খেল। প্ৰতিভাৰ বলতেই অনেকেই ক্ৰিকেটৰ পথাৰত লিখি গৈছে ইতিহাস। কিন্তু আজি আমি এনে এজন ক্ৰিকেটাৰৰ বিষয়ে জানিম যি ক্ৰিকেটাৰ হৈয়ো ক্ৰিকেটৰ কাৰণে নহয়, বৰঞ্চ অন্য এক কাৰণতহে কাললৈ আৰ্জিলে খ্যাতি। যাৰ কথা কবলৈ বিচাৰিছোঁ তেৱেঁই একমাত্ৰ ক্ৰিকেটাৰ যাক ফাঁচীৰ জৰিয়তে যচা হৈছিল মৃত্যদণ্ড। তেওঁ আছিল ৱেষ্টইণ্ডিজৰ ক্ৰিকেটাৰ লেছলি জৰ্জ হিল্টন।

হিল্টনৰ জন্ম হৈছিল ২৯ মাৰ্চ, ১৯০৫ চনত। তেওঁ আছিল ৱেষ্টইণ্ডিজ দলৰ এগৰাকী নিৰ্ভৰযোগ্য সোঁহতীয়া বেগী বলাৰ। বলিঙৰ লগতে বেটিঙতো পাৰদৰ্শী আছিল তেওঁ। ১৯৩৫ ৰ পৰা ১৯৩৯ চনলৈ তেওঁ ৱেষ্টইণ্ডিজৰ হৈ ৬ খন টেষ্ট মেচত ভাগ লয়। এটা খুবেই দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা হিল্টন সৰুৰে পৰাই আছিল ক্ৰিকেট বলিয়া। ১৯২৭ চনত ৱেষ্টইণ্ডিজৰ ক্ৰিকেট ইতিহাসত তেওঁ উজলি উঠিছিল এটি ধ্ৰুৱ তৰা হিচাবে। কিন্তু পৰ্যাপ্ত সুযোগ তেওঁ পোৱা নাছিল। জাতীয় দলে প্ৰতিবাৰেই তেওঁক নিৰাশ কৰিছিল। অৱশেষত চৰম আকাংক্ষিত সেই দিনটো আহি উপস্থিত হৈছিলহি। ১৯৩৫ চনত হিল্টনে ইংলেণ্ডৰ বিপক্ষে ঘোষণা কৰা ৱেষ্ট ইণ্ডিজ দললৈ আমন্ত্ৰণ লাভ কৰে। প্ৰথমখন মেচতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় তেওঁ। ফলত আৰু চাৰি বছৰলৈ জাতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰে বেগী বলাৰগৰাকীয়ে।

১৯৩৯ চনত ইংলেণ্ডৰ বিপক্ষে অনুষ্ঠিত তিনি টেষ্টত হিল্টন চূড়ান্তভাৱে ব্যৰ্থ হয়। ফলত জাতীয় দলৰ পৰা চিৰদিনৰ বাবে বাহিৰ হ’বলগীয়া হয় তেওঁ। ক্ৰিকেট এৰি যেতিয়া হিল্টনে বাস্তৱ পৃথিৱীখনত ভৰি দিয়ে তেতিয়া তেওঁৰ বাবে সৰু চৰকাৰী চাকৰি এটাৰ বাদে আৰু একো নাছিল।

চাকৰি কালতে তেওঁ এগৰাকী সহকৰ্মী যুৱতীৰ প্ৰেমত পৰিছিল, যাৰ নাম আছিল লাৰ্লিন ৰ’জ। ক্ৰিকেট এৰাৰ পিছতেই ৰ’জৰে বিবাহপাশত আৱদ্ধ হৈছিল হিল্টন। হিল্টৰ সৈতে ৰ’জৰ তুলনা কোনো ক্ষেত্ৰতেই নহৈছিল। অর্থ, যশ খ্যাতি, বংশ মৰ্যাদা আদি সকলো দিশৰ পৰাই ৰ’জ আগবঢ়া আছিল। ইয়াৰ বাহিৰেও ৰ’জ আছিল উচ্চাকাংক্ষী। আৰ্থিক কিছু সমস্যা আছিল যদিও দুয়োৰে সংসাৰ মোটামোটি ঠিকেই চলি আছিল।

১৯৫১ চনত ৰ’জে ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোন লৈ উৰা মাৰিছিল নিউয়ৰ্ক। নিউয়ৰ্কত সভ্ৰান্ত ঘৰৰ যুৱক ৰয় ফ্ৰান্সিছৰ সৈতে চিনাকি হৈছিল ৰ’জৰ। নিউয়ৰ্কত অকলশৰীয়া ৰ’জৰ সৈতে লাহে লাহে সম্পৰ্ক গভীৰ হ’বলৈ ধৰিছিল ৰয়ৰ। সেই সময়ত চাকৰি সূত্ৰে জামাইকাত আছিল জৰ্জ হিল্টন। নিউয়ৰ্কত থকা কিছু বন্ধুৰ জৰিয়তে হিল্টনে উমান পাইছিল ৰ’জ আৰু ৰয় ফ্ৰান্সিছৰ সম্বন্ধৰ কথা। সেয়া আছিল ১৯৫৪ চনৰ কথা।

ৰ’জৰ অবৈধ প্ৰেমৰ উমান পাই থিৰেৰে থাকিব পৰা নাছিল হিল্টন। লগে লগে ৰ’জক জামাইকালৈ মাতি পঠিয়াইছিল হিল্টনে। হিল্টনৰ কথাত ৰ’জ জামাইকালৈ উলটি আহিছিল। হিল্টনে ৰ’জৰ মুখৰ পৰা জানিবলৈ ইচ্ছা কৰিছিল সকলো কথা। প্ৰথমে ৰ’জে সেই কথা অস্বীকাৰ কৰিছিল যদিও পিছলৈ স্বীকাৰ কৰিছিল ৰয় ফ্ৰান্সিছৰ সৈতে থকা প্ৰেমৰ কথা। কেৱল প্ৰেমেই নহয়, ৰয়ৰ সন্তান গৰ্ভস্থ কৰাৰ কথাও স্বীকাৰ কৰে পত্নী ৰ’জে। ইয়াকে শুনি ধৈৰ্য্যৰ সকলো বান্ধ সুলকী পৰে হিল্টনৰ। নিজৰ মৰমৰ পত্নীৰ এনে অনাকাংক্ষিত গোপনীয়তাই অশান্ত কৰি তোলে হিল্টনৰ মন মগজু।

কিছু সময়ৰ পিছত চাৰ্ভিছ ৰিভলভাৰেৰে এটা দুটা নহয়, সাতটা গুলী বহুৱাই দিয়ে প্ৰিয়তমা পত্নীৰ বুকুত। মুহূৰ্ততে ঢলি পৰে পত্নী ৰ’জৰ অলস দেহ। লগে লগে হিল্টনে নিজেই পুলিচলৈ ফোন কৰে। জনায় প্ৰিয়তম পত্নীৰ মৃত্যুৰ কথা। অৱশ্যে নিজে আত্মহত্যা কৰিবলৈ চেষ্টা কৰোঁতেহে পত্নীৰ গাত গুলী লগা বুলি উল্লেখ কৰে তেওঁ। কিন্তু বিচাৰ প্ৰক্ৰিয়াত এই কথা অতি সহজেই প্ৰমাণ হয় যে, হিল্টনে শান্ত মগজুৰে এই হত্যাকাণ্ড সংঘটিত কৰিছিল। আদালতে লেছলি হিল্টনক মৃত্যদণ্ড বিহে। ১৯৫৫ চনৰ ১৭ মেত ফাঁচী দিয়া হয় হিল্টনক। এনেদৰেই ক্ৰিকেটাৰ মৃত্যুদণ্ড লাভ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হোৱাৰ কুখ্যাতি অর্জন কৰিলে ৱেষ্ট ইণ্ডিজৰ এইগৰাকী ক্ৰিকেটাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *