অলিম্পিয়া প্ৰতিবেদন
এইবাৰ ছবি প্ৰযোজনাত নামিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনি।ধোনিয়ে প্ৰযোজনা কৰিব পৌৰাণিক আখ্যানৰ ওপৰত ভিত্তি কৰি নিৰ্মান কৰিবলগীয়া ছাই ফাই ৱেব চিৰিজ।
উল্লেখযোগ্য যে ইয়াৰ আগয়ে যোৱা বছৰ এখন ডকুমেন্টেৰী ছবি নিৰ্মাণ কৰিছিল ধোনিৰ প্ৰযোজনা গোষ্ঠী ধোনি এণ্টাৰটেইনমেন্টে। Roar of the Lion শীৰ্ষক ডকুমেন্টেৰীখনৰ পৰিচালনা কৰিছিল কবিৰ খানে। মূলত চেন্নাই ছুপাৰ কিংছ দলৰ আই পি এললৈ প্ৰত্যাৱৰ্তনক বিষয় হিচাবে লৈ এই ডকুমেন্টেৰীখন নিৰ্মান কৰা হৈছিল।
এতিয়া সেই ধোনি এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মান হ’ব এজন উদীয়মান লেখকৰ অপ্ৰকাশিত গ্ৰন্থৰ আধাৰত এটা ৱেব চিৰিজ। এই কথা প্ৰকাশ কৰিছে ক্ৰিকেটাৰগৰকীৰ পত্নী সাক্ষী ধোনিয়ে। উল্লেখযোগ্য যে সাক্ষী ধোনি হৈছে উক্ত প্ৰযোজনা গোষ্ঠীৰ পৰিচালন সঞ্চালক।
You may also like
টি-২০ বিশ্বকাপৰ বাবে সাজু ৯ খন ষ্টেডিয়াম : প্ৰয়োজনত শ্ৰীলংকা অথবা UAE লৈয়ো স্থানান্তৰ হব পাৰে প্ৰতিযোগিতাখন
১৭ বাৰ অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰা এটা পৰিয়াল
শীঘ্ৰেই আমাজন প্ৰাইমত “মাৰাডোনা”: মুকলি হল টিজাৰ
অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি বিশ্বাসী হিমা দাস
প্ৰাক্তন ক্ৰীড়া বিষয়া, ক্ৰীড়া সংগঠক শিৱ শংকৰ ৰয়ৰ মৃত্যুত অসম খো-খো সন্থাৰ শোক প্ৰকাশ