দ্বিতীয় সংখ্যক সদৌ অসম মাষ্টাৰ্ছত ডিব্ৰুগড় শ্ৰেষ্ঠ

অলিম্পিয়া প্ৰতিবেদন

৩ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ কাৰ্বিআংলং জিলা ক্রীড়া সন্থাৰ খেলপথাৰত সফলতাৰে অনুষ্ঠিত হৈ যায় দ্বিতীয় সংখ্যক সদৌ অসম মাষ্টাৰ্ছ গেমছ। ৰাজ্যৰ ১৫ খনকৈ জিলাই অংশ লোৱা উক্ত প্ৰতিযোগিতাত শ্ৰেষ্ঠ জিলাৰ সন্মান লাভ কৰে ডিব্ৰুগড় জিলাই। ৮৫ টা স্বৰ্ণ, ৪৫ টা ৰূপ আৰু ২৫ টা ব্ৰঞ্জৰে জিলাখনে মুঠ ১৫৫ টা পদক লাভ কৰিবলৈ সক্ষম হয়।

বিপৰীতে, ৩১ টা স্বৰ্ণ, ২১ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদকেৰে তালিকাৰ দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাই। ৩১ টা স্বৰ্ণ, ১৮ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰে মুঠ ৬৫ টা পদক লাভ কৰি কাৰ্বিআংলং জিলাই তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰে।

পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত প্ৰতিযোগিতাখন এথলেটিকছ, ফুটবল আৰু ভলীবল এই তিনিটা শাখাত খেলোৱা হয়। এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জনাইছে অসম মাষ্টাৰ্ছ গেমছ এছোচিয়েচনৰ সম্পাদক ধনছিং ৰংপিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *