ৰোলাৰ স্কেটিঙত উজলিছে দুলীয়াজান

অলিম্পিয়া বিশেষ প্ৰতিৱেদন

অসমৰ ৰোলাৰ স্কেটিঙৰ ইতিহাস বেছি পুৰণি নহয়। অসমত ৰোলাৰ স্কেটিঙৰ প্ৰচাৰ তথা প্ৰসাৰত যি কেইটা সংস্থাৰ উল্লেখনীয় অৱদান আছে তাৰ ভিতৰত দুলীয়াজান স্কেটিং সংস্থাও অন্যতম। অসমৰ বহুকেইগৰাকী ৰোলাৰ স্কেটাৰ, ৰোল বল খেলুৱৈক জন্ম দিছে এই সংস্থাই।

সংস্থাটোৰ জন্মৰ আঁৰৰ কাহিনীও যথেষ্ট প্ৰেৰণাদায়ক। দুলীয়াজানৰ দম্পতী পল্লৱী বৰুৱা আৰু কিশোৰ কুমাৰ দাসৰ পুত্ৰ কৃষ্ণাংশৰ মন ৰোলাৰ স্কেটিঙ কৰাৰ। তেতিয়ালৈকে বৰুৱা দম্পতীয়ে গম নাপাই যে অসমত স্কেটিঙৰ কোনো সংগঠন আছে। তেনেতে তেখেতসকলে প্ৰতিদিন কাকতত লাভ কৰিলে এটা খবৰ। গুৱাহাটীত এক ৰোলাৰ স্কেটিঙৰ কৰ্মশালা আয়োজন কৰা হৈছে। যোগাযোগৰ বাবে থকা নম্বৰটোত তেওঁলোকে লগ পালে অসম ৰোলাৰ স্কেটিঙৰ সম্পাদক ভূমিধৰ বৰ্মনক। কৰ্মশালাৰ শেষৰ দিনা যেনেতেনে তেওঁলোক গুৱাহাটী পালেহি।

ভূমিধৰ বৰ্মনৰ তত্বাৱধানত কৃষ্ণাংশয়ে লাভ কৰিলে ৰ’লাৰ স্কেটিঙৰ প্ৰাথমিক শিক্ষা। কিন্তু তেখেতসকলৰ বাবে প্ৰধান সমস্যা আছিল দুলীয়াজানত স্কেটিঙৰ কোনো অনুষ্ঠানিক সংস্থা নাছিল। পুত্ৰৰ স্কেটিঙৰ প্ৰতি থকা আগ্ৰহে তেওঁলোকক দোমোজাত পেলাইছিল। দাসে সেইসময়ত দুলীয়াজানতো স্কেটিঙৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ কথা চিন্তা কৰিলে যাতে তেওঁলোকৰ পুত্ৰই দুলীয়াজানতে থাকি স্কেটিঙৰ শিক্ষা লাভ কৰিব পাৰে। এনে হ’লে দুলীয়াজানৰ আন আন আগ্ৰহীসকলেও সেই সুবিধা লাভ কৰিব আৰু দুলীয়াজানৰ নামত অসমৰ স্কেটিঙৰ ইতিহাসত আৰু এটা অধ্যায়ৰ সংযোজন হ’ব। ভৱামতেই কাম। ভূমিধৰ বৰ্মনৰ সহযোগিতাত দুলীয়াজানত ৰূপণ হ’ল ৰোলাৰ স্কেটিঙৰ বীজ। এইক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰিলে কৃষ্ণাংশৰ পিতৃ মাতৃয়ে। গুৱাহাটীৰ পৰা প্ৰশিক্ষক নিযুক্তি দিয়া হ’ল। প্ৰথম অৱস্থাত দুই তিনিজন প্ৰশিক্ষাৰ্থীক লৈয়ে আৰম্ভ হ’ল প্ৰশিক্ষণ কাৰ্যসূচী। লাহে লাহে বৃদ্ধি পালে এই সংখ্যা। এনেদৰেই সময়ত গঠন কৰা হ’ল দুলীয়াজন ৰোলাৰ স্কেটিঙ সংস্থা।

সংস্থাৰ প্ৰথমজন সম্পাদক আৰু সভাপতি নিৰ্বাচিত কৰা হ’ল কিশোৰ কুমাৰ দাস আৰু সাগৰজিৎ সিংহাক। সীমিত সদস্যৰে আৰম্ভ কৰা সংস্থাটো প্ৰথম অৱস্থাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কেৱল দুজনমান খেলুৱৈৰ বাবে প্ৰশিক্ষক এজনক নিযুক্তি দিয়াটো আৰ্থিক দিশৰ পৰা সম্ভৱপৰ নাছিল। প্ৰথম অৱস্থাত ‘বিশ্ব’ বুলি প্ৰশিক্ষক এজনক প্ৰশিক্ষণ প্ৰদানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ প্ৰায় এবছৰ মান দুলীয়াজানত থাকি প্ৰশিক্ষণ প্ৰদান কৰিছিল যদিও পাছলৈ আৰ্থিক দিশটোৰ বাবে তেওঁক ৰাখিব পৰা হোৱা নাছিল। কিন্তু খেলবিধক দুলীয়াজানত সাৰ পানী দি জীয়াই তোলাৰ পৰা পিছ হুহকা নাছিল কিশোৰ দাস আৰু পল্লৱী বৰুৱা। কিশোৰ দাসে নিজও এসময়ত ৰোলাৰ স্কেটিং কৰিছিল। ভূমিধৰ বৰ্মনৰ ছায়াত কিশোৰ দাসে এইবাৰ ৰোলাৰ স্কেটিঙৰ প্ৰশিক্ষণৰ খুটি-নাটি খিনি জানি বুজি ল’লে আৰু প্ৰশিক্ষণাৰ্থীসকলক নিজেই কিছুদিন প্ৰশিক্ষণ দিলে। লাহে লাহে প্ৰশিক্ষাৰ্থীৰ সংখ্যা যেতিয়া বাঢ়িল তেতিয়া গুৱাহাটীৰ পৰা পুনৰ এজন প্ৰশিক্ষকক নিমন্ত্ৰণ জনোৱা হ’ল দুলীয়াজানৰ ৰোলাৰ স্কেটিঙক আগুৱাই লৈ যোৱাৰ দায়িত্বৰে। পুনৰ প্ৰান পাহ উঠিল দুলীয়াজানৰ ৰোলাৰ স্কেটিঙ। এনেদৰেই প্ৰথম অৱস্থাত এহাল দম্পতীয়ে নিজ পুত্ৰৰ হাবিয়াসৰ বাবে গঢ়ি তোলা দুলীয়াজানৰ ৰোলাৰ স্কেটিঙ সংস্থাটোৱে ২০১৫ চনত লাভ কৰে অসম ৰোলাৰ স্কেটিঙ সংস্থাৰ affiliation।

দুলিয়াজানৰ কেইগৰাকীমান উদীয়মান স্কেটাৰ


বৰ্তমানেও সগৌৰৱে দুলীয়াজানত স্কেটিঙৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা পালন কৰি অহা দুলীয়াজান স্কেটিং সংস্থাৰ বুকুৰ পৰাই ওলাই আহিছে ন ন খেলুৱৈ। ২০১৫ চনত ৰাজ্যিক পৰ্যায়ত গুৱাহাটীত অনুষ্ঠিত স্পীড স্কেটিং প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে দুলীয়াজানৰ প্ৰতিভাৱান খেলুৱৈ কৃষ্ণাংশ দাসে অংশগ্ৰহণ কৰি দুটা সোণৰ পদক লাভ কৰে। লগতে এটা ৰূপৰ পদক অৰ্জন কৰি দুলীয়াজানলৈ গৌৰৱ কঢ়িয়াই আনে দেৱাংগ গগৈয়ে। তদুপৰি সপ্তম মিনি ৰোল বল চেম্পিয়নশ্বিপত দুলীয়াজানৰ এই দুজন খেলুৱৈয়ে অসম দলতো স্থান লাভ কৰিবলৈ সক্ষম হয়। এই দলটোৱে পিছলৈ চুৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কেটিঙত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক দখল কৰি আনিবলৈও সক্ষম হয়। এনেদৰেই দুলীয়াজানৰ খেলপথাৰৰ পৰাই স্কেটিঙৰ আদিপাঠ গ্ৰহণ কৰি বহু প্ৰতিভাৱান খেলুৱৈয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

অসমৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনৰ সৈতে দুলিয়াজনৰ ৰোলাৰ স্কেটিং খেলুৱৈসকল

বৰ্তমানলৈকে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম তথা দুলীয়াজানলৈ গৌৰৱ কঢ়িয়াই অনা অন্যান্য খেলুৱৈসকল হৈছে— অভিজ্ঞান সোণোৱাল, ৰিয়ান কপিঞ্জল, কৃদয়াংশ দাস, তনভি ভাৰ্গৱ, অপূৰ্বা সিং, আয়ুস সিং, নৱকৃষ্ণ বৰুৱা, সমীৰণ বড়া, উন্নীতকল্প গগৈ, মহম্মদ ৰেইহান, সুদীপ্তা ফুকন, আদৃশ নাজিৰ আৰু মনোজ্ঞ মেচ। এইসকল উদীয়মান খেলুৱৈৰ হাতত ধৰিয়েই দুলীয়াজানৰ ৰোলাৰ স্কেটিঙে সাফল্যৰ শিখৰ চুমিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি।



Leave a Reply

Your email address will not be published. Required fields are marked *