গোলাঘাটত উদয় ক্ৰীড়াৰ নৱ সুৰুয

অলিম্পিয়া প্ৰতিবেদন

সুৰুযমুখীত উদয় হৈছে ক্ৰীড়াৰ নৱ সুৰুয ।সুৰুযমুখীৰ পৰা ক্ৰীড়া জগতত ভৰি দিছে উদীয়মান খেলুৱৈয়ে।জিলিকাইছে সুৰুযমুখী তথা অসমৰ নাম।কিক বক্সিংত জিলিকিল পঁশিছ বছৰীয়া মিলন বৰতামূলী ।এমেচাৰ নেচন্যেল গেমছত মিলন বৰতামূলীৰ লগতে আন সাতজন নবীন কিক বক্সাৰে অসমলৈ আজুৰি আনিলে স্বৰ্ণ।
সুৰুযমুখী গোলাঘাটবাসীৰ বাবে এক চিনাকী নাম।ঘৰত ৰং কৰা, ইলেক্ট্ৰনিক সামগ্ৰী ৰিপেয়াৰিং, ঘৰ নিৰ্মাণ, বিয়া-সবাহত আপ্যায়ন সকলোতে সেৱা আগবঢ়াই সুৰুযমুখীৰ কৰ্মচাৰী বৃন্দই।স্বাৱলম্বীতাৰ চিন্তা-ধাৰণাৰে গোলাঘাটতত লোকেন তামূলীৰ উদ্যোগত গঢ়ি উঠা থলুৱা কোম্পানীটোৰ অন্যতম সদস্য মিলন বৰতামূলী ।নিজৰ স্বাৱলম্বীতাৰ সমানে ক্ৰীড়াক আগবঢ়াই লৈ যাবলৈ যোগ দিছিল সুৰুযমুখীত ।নিজৰ ব্যস্ত জীৱনৰ মাজতো ক্ৰীড়াৰ বাবে সময় উলিয়াই গোলাঘাট ডি. আৰ. কলেজৰ খেলপথাৰত প্ৰশিক্ষক ৰাজেশ গুপ্তাৰ তত্বাৱধানত শিকি গৈছে কিক বক্সিং।


শেষতীয়াকৈ ৰোৱেল এমেচাৰ গেমইছ এচচিয়েচনৰ উদ্যোগত গোৱাত অনুষ্ঠিত হৈছিল “এমেচাৰ নেচনেল গেমইছ ২০২১”।এই প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিবলৈ সুদূৰ গোৱালৈ গৈছিল গোলাঘাটৰ এটা ৯ জনীয়া দল।অৱশেষত গোৱাৰ পৰা আহিল সুন্দৰ ফলাফল।গোলাঘাটৰ ৮ গৰাকী নবীন কিক বক্সাৰে বিভিন্ন শাখাৰ কিক বক্সিংত অংশগ্ৰহণ কৰি অৰ্জন কৰিলে ৮ টাকৈ স্বৰ্ণ।ইয়াৰে ভিতৰত গোলাঘাট জিলাৰ পুলিবৰ মাজ খুমটাই গাঁৱৰ মিলন বৰতামূলী অন্যতম ।অন্যহাতে, স্বৰ্ণজয়ী আন খেলুৱৈ সকল হ’ল ক্ৰমে ৰঞ্জন নাথ, ৰিতুমণি নাথ, ছয়নিকা দত্ত, দেবাংগ পল্লৱ শইকীয়া, উত্তম পল্লৱ গোস্বামী, মানসী পাল আৰু বিশাল গুপ্তা ।


নৱ প্ৰজন্মৰ কিক বক্সাৰ সকলৰ এনে সাফল্যত গৌৰৱান্বিত গোলাঘাটবাসী । গোলাঘাটবাসীৰ ক্ৰীড়াপ্ৰেমী ৰাইজে তেওঁলোকক শুভেচ্ছা জনোৱাৰ লগতে বিভিন্ন দল-সংগঠনে এইসকল সম্ভাৱনাপূৰ্ণ কিক বক্সাৰক জনাইছে সম্বৰ্ধনা ।মিলন বৰতামূলীৰ সাফল্যত আনন্দিত সুৰুযমুখীৰ পৰিয়াল।মিলনৰ দৰে অসমৰ গাঁৱে-ভূঞে সিঁচৰিত হৈ থকা সুপ্ত প্ৰতিভা সমূহ জাগ্ৰত হৈ উজ্জ্বলি উঠক বিশ্বক্ৰীড়াত।তৃণমূল পৰ্য্যায়ৰ পৰা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ অব্যাহত থাকক এইসকল নৱ প্ৰজন্মৰ কিক বক্সাৰৰ জয়যাত্ৰা ।

Leave a Reply

Your email address will not be published. Required fields are marked *