কণমানি প্ৰিছ্লী,অন্যতম, এলভিছ সম্বৰ্ধিত: বেংগল আৰু অসম বুক অৱ ৰেকৰ্ডছৰ বিশেষ অনুষ্ঠান

অলিম্পিয়া প্ৰতিবেদন

আজি গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাঙ্গনত অনুষ্ঠিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা অসমৰ বহুকেইগৰাকী লোকক সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানতে অসমৰ সাঁতোৰ ক্ষেত্ৰৰ এক উল্লেখযোগ্য নাম এলভিছ আলী হাজৰিকাৰ লগতে তেওঁৰ কণমানি পুত্ৰ প্ৰেছ্লি আলী হাজৰিকাকো সম্বৰ্ধনা জনোৱা হয়। ২০০৮ চনৰ ২৭ আগষ্টত নেহেৰু ষ্টেডিয়ামস্থিত বিমলা প্ৰসাদ চলিহা চুইমিং পুলত এলভিছে অবিৰতভাৱে ২৬ ঘণ্টা সাঁতোৰিবলৈ সক্ষম হৈছিল। ১২ বছৰ পূৰ্বে কৰা এলভিছৰ এই সাফল্যক স্বীকৃতি প্ৰদান কৰি বেংগল বুক অফ ৰেকৰ্ডছে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।

তেওঁৰ লগতে তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ প্ৰিছ্লী আলী হাজৰিকাকো দীৰ্ঘ সময় ধৰি প্লেংক কৰাৰ অভিলেখৰ বাবে তিনিটাকৈ অনুষ্ঠানে স্বীকৃতি প্ৰদান কৰে। তেওঁৰ বয়সৰ শিশুৰ ক্ষেত্ৰত আটাইতকৈ দীৰ্ঘ সময়ৰ বাবে প্লেংক কৰাৰ বিশ্ব অভিলেখ গঢ়ে প্ৰিছ্লিয়ে। যাৰ বাবে তেওঁক চেম্পিয়ন ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছ,বেংগল বুক অৱ ৰেকৰ্ডছ আৰু অসম বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা স্বীকৃতি স্বৰূপে সম্বৰ্ধনা পত্ৰ, ফুলাম জাপি, গামোচা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

আনহাতে, অসমৰ পেৰা সাঁতোৰবিদ অন্যতম ৰাজখোৱাকো এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অন্যতমে ১ কি:মি: ছি ছুইমিং ৰেচত ( Sea Swimming race) স্থান লাভ কৰাৰ বাবে তেওঁক অসম বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

ক্ৰীড়াক্ষেত্ৰৰ লগতে অন্যান্য ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা আন তিনিগৰাকীকো উক্ত অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, ভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধমল্ল বৰুৱা, প্ৰাক্তন অসামৰিক বিষয়া স্বপ্ননীল বৰুৱা, এমট্ৰনৰ অধ্যক্ষ ঋতুবৰন শৰ্মা, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰকাশ চেত্ৰী আদি। উক্ত অনুষ্ঠানতে অসমৰ এগৰাকী নামজ্বলা সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙক সম্বৰ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *