ইংলেণ্ডৰ ভাৰত ভ্ৰমণ: ঘোষণা হ’ল ভাৰতীয় দল

অলিম্পিয়া প্ৰতিবদেন

ঘোষণা হ’ল ইংলেণ্ডৰ বিপক্ষে হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলৰ নাম। দললৈ প্ৰত্যাৱৰ্তন কৰিছে সম্প্ৰতি পিতৃত্বকালীন অৱসৰ কটাই থকা অধিয়ানক বিৰাট কোহলিয়ে।

মংগলবাৰে ঘোষণা কৰা দলটোত স্থান দিয়া হৈছে আঘাতৰ সমস্যাৰ বাবে সম্প্ৰতি দলৰ পৰা বাহিৰত থকা অনুভৱী বলাৰ ঈশান্ত শৰ্মাকো। উল্লেখযোগ্য যে অহা ৫ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’ব এই টেষ্ট শৃংখলা।

চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ প্ৰথম দুখন মেচৰ বাবে ঘোষণা কৰা হৈছে এই দল। পিছত পৰিস্থিতি সাপেক্ষে দলৰ সালসলনি কৰাৰ সম্ভাৱনা আছে।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ চেতন শৰ্মাৰ অধ্যক্ষতাত নিৰ্বাচক সমিতিয়ে ঘোষণা কৰা ১৮ জনীয়া দলটোত ঈশান্ত শৰ্মাৰ উপৰি যশপ্ৰীত বুমৰাহ আৰু ৰবিচন্দ্ৰন আশ্বিনকো স্থান দিয়া হৈছে।

শৃংখলাৰ প্ৰথমখন মেচ চেন্নাইত অনুষ্ঠিত হ’ব। শৃংখলাৰ দ্বিতীয়খন মেচো ১৩ৰ পৰা ১৭ ফেব্ৰুৱাৰিলৈকে চেন্নাইতে অনুষ্ঠিত হ’ব। শৃংখলাৰ বাকী দুখন টেষ্ট অনুষ্ঠিত হ’ব আহমেদাবাদৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামত।

ঘোষিত ভাৰতীয় দলটো

বিৰাট কোহলি (অধিনায়ক), ৰোহিত শৰ্মা, শুভমন গীল, মায়ংক আগৰৱাল, চেতেশ্বৰ পূজাৰা, আজিংক্য ৰাহানে, ঋষভ পণ্ট, ৰিদ্ধিমান সাহা(উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, লোকেশ ৰাহুল, যশপ্ৰীত বুমৰাহ, ঈশান্ত শৰ্মা, মহম্মদ ছিৰাজ, চাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেল।

Leave a Reply

Your email address will not be published. Required fields are marked *