মুছলিম ক্ৰিকেটাৰৰ গাত চেম্পেইন ঢালি বিতৰ্কত এছেক্স

অলিম্পিয়া প্ৰতিবেদন

বব উইলিছ ট্ৰফীৰ ফাইনেলত ছমাৰছেটৰ মুখামুখি হৈছিল এছেক্স। পাঁচ দিনৰ মেচখন দেওবাৰে আমীমাংসিত হিচাবে অন্ত পৰে। কিন্তু প্ৰথম ইনিংছত অগ্ৰগতি লোৱাৰ সুবাদতে এছেক্সে খিতাপ দখল কৰে। খিতাপ দখল কৰি উল্লাসত ফাটি পৰা এছেক্সৰ খেলুৱৈসকলে শেষত চেম্পেইন ঢালি বিজয় উৎসৱ পালন কৰে। তেতিয়ালৈকে সকলো ঠিকে আছিল। কিন্তু বিজয় উৎসৱৰ মাজতে দলটোৰ এগৰাকী মুছলমান সদস্যৰ গাত বিয়েৰ ঢলাৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ লগে লগে বিতৰ্কৰ সূত্ৰপাত হয়।

এছেক্সৰ ফিৰোজ খুচি নামৰ খেলুৱৈ গৰাকী দলটোৰ এগৰাকী নিৰ্ভৰযোগ্য সদস্য। ২১ বছৰীয়া এই ফিৰোজ ফাইনেল দিনাখনৰ মেচত দ্বাদশ খেলুৱৈ হিচাবে আছিল। মেচৰ অন্তত ফিৰোজো চামিল হৈছিল দলৰ বিজয় উৎসৱত। কিন্তু সমস্যাটো তাতেই সৃষ্টি হ’ল। ইংলেণ্ড- অষ্ট্ৰেলিয়াৰ ক্ৰিকেট সংস্কৃতিত এনেদৰে বিজয়ৰ ক্ষণত চেম্পেইন ঢালি উদযাপন কৰাতো আগৰ পৰাই চলি আহিছে। তাৰ বিপৰীতে, ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে মদৰ সংস্পৰ্শলৈ অহাটোও পাপ গণ্য কৰা হয়। তাৰ বাবেই এতিয়া ফিৰোজৰ গাত চেম্পেইন ঢালি দিয়াৰ ফটোখনৰ বাবে এছেক্স দলটো সমালোচনাৰ সন্মুখীন হৈছে সৰ্বত্ৰে। বহুতে ফিৰোজৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ উত্থাপন কৰিছে এছেক্সৰ খেলুৱৈসকলৰ বিৰুদ্ধে।

অৱশ্যে, পিছত দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে এছেক্স ক্ৰিকেট দলে ক্ষমা খোজে খেলুৱৈ গৰাকীৰ ওচৰত। এক বিবৃতিত দলৰ হৈ কোৱা হৈছে’, “দীৰ্ঘদিন ধৰি ধৰ্মীয় ঐক্য আৰু বৈচিত্ৰৰ মাজেৰে খেলি আহিছে ক্ৰিকেটাৰসকলে। এনে বৈচিত্ৰ্যৰ প্ৰতি দল সদায়েই সচেতন। সাংস্কৃতিক বৈচিত্ৰ্যৰ দিশত খেলুৱৈসকলৰ মাজত আৰু সজাগতা বৃদ্ধি কৰিবলৈ দলে চেষ্টা অব্যাহত ৰাখিব। “

Leave a Reply

Your email address will not be published. Required fields are marked *