দিছপুৰ স্কেটিং ৰিঙকত ৰোলবল প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

অসমত বাঢ়িছে ৰোলবলৰ জনপ্ৰিয়তা ।ৰোলবলৰ প্ৰতি আকৰ্ষিত হৈছে যুৱপ্ৰজন্ম।ৰোলবলৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে অসম ৰোলবল সন্থাই বিভিন্ন সময়ত গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ।এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ’ল দুদিনীয়া ৰোলবল প্ৰতিযোগিতা ।
দিছপুৰ স্কেটিং ৰিঙকত অসম ৰোলবল সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় মিক্স মিনি আৰু চেকেণ্ড চিনিয়ৰ ৰোলবল চুপাৰ চিৰিজ প্ৰতিযোগিতা ।বিগত ১৮আৰু ১৯ছেপ্তেম্বৰত দিছপুৰ স্কেটিং ৰিঙকত খেলুৱৈসকলৰ দুৰ্দান্ত খেল প্ৰদৰ্শন ।দেওবাৰে অনুষ্ঠিত হোৱা মিক্স মিনিৰ ফাইনেলত ১১বছৰ অনুধ্বৰ খেলুৱৈসকলে চমকপ্ৰদ প্ৰৰ্দশন দেখুৱাবলৈ সক্ষম হল।৫-৩ স্কৰৰ ব্যৱধানত মাজুলিক পৰাস্ত কৰি শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিলে টীম কাজিৰঙাই ।প্ৰতিযোগিতা খনত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে মাজুলি আৰু নামেৰীয়ে।


আনহাতে, দেওবাৰে একে স্থানতে চেকেণ্ড চিনিয়ৰ ৰোলবল চুপাৰ চিৰিজৰ ফাইনেল প্ৰতিযোগিতা খনো অনুষ্ঠিত হয়।ফাইনেলৰ যুঁজত অৱৰ্তীন হ’য় চিৰিজ কিলাৰ আৰু চুপাৰ ৭। এই প্ৰতিযোগীতাত চিৰিজ কিলাৰে ৭-৫ ৰ ব্যৱধানত জয় লাভ কৰে।শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে অপলক বৰুৱাই।আনহাতে শ্ৰেষ্ঠ গলৰক্ষক কপিল ৰাভা আৰু শ্ৰেষ্ঠ প্ৰতিৰোধক খিতাপ লাভ কৰিলে ৰামু বৰদলৈয়ে।প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম ৰোলবল সন্থাৰ সভাপতি মিফ্টাউদ্দিন আহমেদ, সম্পাদক ভূমিধৰ বৰ্মন, কোষাধ্যক্ষ সুমন ডেকা আৰু স্বাস্থ্য পৰামৰ্শদাতা ড০ কৰবি হাজৰিকা।

Leave a Reply

Your email address will not be published. Required fields are marked *