Wednesday, May 18, 2022
HomeNewsমাইদাংশ্ৰীক হৰুৱাই বিলৌগৌ এফ চি ফাইনেলত

মাইদাংশ্ৰীক হৰুৱাই বিলৌগৌ এফ চি ফাইনেলত

অলিম্পিয়া প্ৰতিবেদন, বঙাইগাওঁ

শ্ৰীৰামপুৰৰ বিলৌগৌ এফ চি কোকৰাঝাৰ জিলাৰ দোতমাত চলা ২৩ সংখ্যক দাওহাৰু মুংখলং ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে । দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সোমবাৰে অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত বিলৌগৌ এফ চিয়ে ছালাকাটিৰ মাইদাংশ্ৰী এফ চিক টাইব্ৰেকাৰৰ সহায়ত ৪-৩ গ’লৰ ব্যৱধানত পৰাজিত কৰে । উত্তেজনাপূৰ্ণ খেলখন নিৰ্দিষ্ট সময়ত গ’লশূন্য ভাবে সামৰণি পৰে । ফলাফল নিৰ্ণয়ৰ বাবে ৰেফাৰীয়ে টাইব্ৰেকাৰৰ সহায় লোৱাত বিলৌগৌয়ে ৪ টা গ’ল কাৰ্যকৰী কৰাৰ বিপৰীতে মাইদাংশ্ৰীয়ে ৩ টা গ’লহে দিবলৈ সক্ষম হয় । আকৰ্ষণীয় খেলেৰে দৰ্শকৰ মন জয় কৰা
বিলৌগৌৰ দিনাৰ নাৰ্জিনাৰীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে । খেলখন পৰিচালনা কৰে নৱজিত বসুমতাৰীয়ে । অহা ২২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখনত বিলৌগৌই দলে ইউনাইটেড চিৰাং দুৱাৰ এফ চিৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতাত নামিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments