২৮-৩০ জানুৱাৰীত গিলবাৰ্টছন ছাংমা, দেৱাশিষ ৰায় ট্ৰফী আমন্ত্ৰনীমূলক ফুটছাল

অলিম্পিয়া প্ৰতিবেদন

পঞ্চম বাৰ্ষিক গিলবাৰ্টছন ছাংমা, দেৱাশিষ ৰায় ট্ৰফী আমন্ত্ৰনীমূলক ফুটছাল ( ফাইভ এ ছাইড) প্ৰতিযোগিতাখন অহা ২৮-৩০ জানুৱাৰীত গুৱাহাটীত আয়োজন কৰা হৈছে। অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েছনে ২০১৭ চনৰ পৰাই অসমৰ দুই আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টচন ছাংমা আৰু দেৱাশীষ ৰায়ৰ নামত অনুষ্ঠিত কৰি আহিছে এই প্ৰতিযোগিতা।

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া ক্ষেত্ৰৰ দেশভক্ত তৰুনৰাম ফুকন ইন্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া এইবাৰৰ সম্মানীয় প্ৰতিযোগিতাখনত ৰাজ্যৰ আগশাৰীৰ দল ক্ৰমে দুলিয়াজানৰ অইল, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, অসম পুলিছ ব্লুজ, মালিগাও অগ্ৰগামী ক্লাৱ, এজি স্পৰ্টছ, নাৰেংগী ফুটবল কোচিং চেন্টাৰ, এপিআৰঅ, বজালী ফুটবল একাডেমী, ইউ বি চি, লক্ষ্যভেডা, ডিফু ষ্টাৰ দল, আৰু অসম ৰাইনোজ এফ চিয়ে অংশগ্ৰহণ নিশ্চিত কৰিছে।

ফাইনেল খেলৰ পূৰ্বে আয়োজক সকলে দুখন প্ৰীতিখেল অনুষ্ঠিত কৰিব। প্ৰতিদিনে খেল বিয়লি ৫ বজাৰ পৰা ৮ বজালৈ অনুষ্ঠিত হ’ব।

ইফালে চলিত বৰ্ষৰ পৰাই অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েছনে ৰাজ্যৰ এগৰাকী ফুটবলাৰক আৰ্থিকভাবে সহায় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *