গুৱাহাটী চিটি এফ চিৰ ফুটছাল ট্ৰায়েল

অলিম্পিয়া প্রতিবেদন

ৰাজ্যত ফুটবলৰ তৃণমূল পৰ্যায়ৰ পৰা উন্নয়নৰ লক্ষ্য আগত লৈ গঠন হোৱা গুৱাহাটী এফ চিৰ তত্বাৱধানত অনুষ্ঠিত কৰা হৈছে এক ট্ৰায়েল। আগন্তুক ৰাজ্যিক ফুটছাল লীগ তথা সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ৰাষ্ট্ৰীয় ফুটছাল লীগৰ বাবে গঠিত হ’বলগীয়া অসম দলটোৰ নিৰ্বাচনো কৰা হ’ব ইয়াৰ পৰাই।

এটা উন্নত দল গঠন কৰাৰ বাবেই ইতিমধ্যে গুৱাহাটী এফ চিয়ে ইংলিছ এফ এৰ লেভেল ৱান ফুটছাল প্ৰশিক্ষক তথা ডাইনামো জাগ্ৰেবৰ প্ৰাক্তন ফুটছাল খেলুৱৈ ছায়ন্তন চৌধুৰীক মুখ্য প্ৰশিক্ষক হিচাবে নিযুক্তি দিছে। দল গঠনৰ বাবে প্ৰথমটো ট্ৰায়েল অনুষ্ঠিত হব বেহাৰবাৰীস্থিত গেম অন এৰিনাত।

আগ্ৰহীসকলক জি চি এফ চিয়ে 70022 82745/70025 70870 ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। কেৱল গুৱাহাটীৰ খেলুৱৈসকলৰ বাবে আয়োজিত কৰা এই ট্ৰায়েল বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হব।

Leave a Reply

Your email address will not be published. Required fields are marked *