পিতৃ হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত হ’ল হাৰ্ডিক পাণ্ডিয়া

অলিম্পিয়া বাৰ্তা

পিতৃ হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত হ’ল ভাৰতৰ তাৰকা ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়া। বৃহস্পতিবাৰে নবজাতকৰ সুকোমল হাতখনি নিজৰ হাতৰ মাজত লৈ থকাৰ এখন ফটো ইনষ্টাগ্ৰামত প্ৰকাশ কৰি তেওঁৰ অনুৰাগীসকলক এই সুখবৰ দিয়ে। এটা ল’ৰা সন্তানৰ আগমন ঘটিছে পাণ্ডিয়াৰ পৰিয়াললৈ।

View this post on Instagram

We are blessed with our baby boy ❤️🙏🏾

A post shared by Hardik Pandya (@hardikpandya93) on

‘আমি এটা ল’ৰা সন্তানৰে আশীষ ধন্য হ’লো’ – এনেদৰে হাৰ্ডিক পাণ্ডিয়া আৰু তেওঁৰ মডেল পত্নী নাটাশা ষ্টেনক’ভিকে উল্লেখ কৰে তেওঁলোকৰ নিজ নিজ ইনষ্টাগ্ৰাম একাউণ্টত।

উল্লেখযোগ্য যে হাৰ্ডিক আৰু নাটাশাই সময়ে সময়ে নাটাশাৰ গৰ্ভধাৰণ সম্পৰ্কে সামাজিক মাধ্যমত জনাই বিভিন্ন ফটো প্ৰকাশ কৰি আহিছিল। অনুৰাগীৰ পৰাও ব্যাপক সঁহাৰি লাভ কৰিছিল দুয়োগৰাকীয়ে। হাৰ্ডিক আৰু নাটাশাই লকডাউনৰ সময়তে মে মাহত বিবাহ পাশত আবদ্ধ হৈছিল।



Leave a Reply

Your email address will not be published. Required fields are marked *