আই চি চিয়ে জাৰি কৰিলে নতুন নিৰ্দেশনা

olympiasports.in

কৰ’না ভাইৰাছৰ বাবে এতিয়া স্তব্ধ হৈ আছে ক্ৰীড়া বিশ্ব। কৰ’না সংক্ৰমণ হ্ৰাস পালেই পুনৰ আৰম্ভ হ’ব বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাসমূহ। সেই উদ্দেশ্যৰে আই চি চিয়ে ঘোষণা কৰিছে কিছু নতুন নিৰ্দেশনা। খেলাৰ সময়ত ক্ৰিকেটাৰসকলৰ যাতে কৰ’না ভাইৰাছ সংক্ৰমণ নঘটে তাৰ বাবেই এই নতুন নিৰ্দেশনা।

আই চি চিয়ে ঘোষণা কৰা নতুন নিৰ্দেশনাসমূহ এনেধৰণৰ :

১) প্ৰতিটো দলে আন্তঃৰাষ্ট্ৰীয় খেলৰ পূৰ্বে ১৪ দিনৰ আইছ’লেশ্যনত থাকিব লাগিব।

২) আইছ’লেশ্যনত থকা প্ৰতিটো দলৰ সদস্যসকলৰ স্বাস্থ্য, শৰীৰ উষ্ণতা আৰু কোভিড-১৯ৰ পৰীক্ষা কৰা হ’ব।

৩) ক্ৰিকেটাৰ সকলে খেলৰ সময়ত বলত থু লগাব নোৱাৰিব।

৪)বল স্পৰ্শ কৰাৰ পিছত কোনো ক্ৰিকেটাৰে নিজৰ চকু, নাক আৰু মুখ চুব নোৱাৰিব।

৫)সকলো খেলুৱৈয়ে ভ্ৰমণৰ সময়ত এজনীয়া কোঠাত থাকিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *