অলিম্পিয়া প্ৰতিবেদন
শেহতীয়াকৈ ঘোষিত আই চি চিৰ এদিনীয়া ৰেংকিঙত ভাৰতৰ যশপ্ৰীত বুমৰাহে শীৰ্ষ দহৰ তৃতীয় স্থান অধিকাৰ কৰিছে। ৭০০ ৰেটিং পইণ্টৰে বুমৰাহ তৃতীয় স্থানত থকাৰ বিপৰীতে ৭২২ পইণ্টৰে নিউজিলেণ্ডৰ ট্রেন্ট ব’ল্ট আছে তালিকাৰ প্ৰথম স্থানত।
সকলোকে আচৰিত কৰি আফগানিস্তানৰ মুজিব উৰ ৰহমানে দখল কৰিছে তালিকাৰ দ্বিতীয় স্থান। ৭০৮ পইণ্টৰে ৰহমানে এই স্থান লাভ কৰিছে।
ইফালে, বাংলাদেশৰ দুজনকৈ বলাৰে এই তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ৱেষ্টইণ্ডিজৰ বিপক্ষে সদ্য সমাপ্ত শৃংখলাত উজলি উঠা মেহদি হাছানে এই তালিকাৰ চতুৰ্থ স্থান অধিকাৰ কৰিছে। বিপৰীতে আন এগৰাকী বাংলাদেশী বলাৰ মুস্তাফিজুৰ ৰহমানে ১১ টাকৈ স্থান আগুৱাই লাভ কৰিছে তালিকাৰ অষ্টম স্থান।