অশ্ৰুৰ পৰা আনন্দাশ্ৰুলৈ: দুই ভাতৃৰ উত্থানৰ বিৰল কাহিনী!

অলিম্পিয়া প্রতিবেদন

সপোনটো দেখিছিল হিমাংশু পাণ্ডিয়াই। সেয়া আছিল ১৯৯৮ চন মানৰ কথা। ইতিমধ্যে, চুৰাতত থকা গাড়ী কিনা বেচাৰ ব্যৱসায় বন্ধ কৰি দিছে হিমাংশু পাণ্ডিয়াই। লক্ষ্য দুই পুত্ৰ সন্তানক ক্ৰিকেটৰ উন্নত প্ৰশিক্ষণৰ বাবে বৰোদালৈ প্ৰেৰণ কৰা। ভৱা মতেই কাম। চুৰাতত সকলো ব্যৱসায় বন্ধ কৰি পাণ্ডিয়া পৰিয়াল বৰোদালৈ ৰাওনা হ’ল। বৰোদাত যে জীৱন অনিশ্চয়তাৰ হ’ব এই কথা জানিও পিতৃয়ে কেৱল দুই পুত্ৰক সফল ক্ৰিকেটাৰ হিচাবে গঢ়াৰ স্বাৰ্থতে লৈ পেলাইছিল এই কঠিন সিদ্ধান্ত। ৰ’দৰ উত্তাপত দহিছিল দুই পুত্ৰ, সেয়ে হয়তো আজি হীৰাৰ উজ্জ্বলতাৰে জিলিকিছে দুয়ো। এশ ত্ৰিশ কোটি জনসংখ্যাৰ দেশখনৰ শীৰ্ষ এঘাৰটা স্থানত উপনীত হোৱাৰ যি বিৰল অনুভৱ, সেই অনুভৱৰ বাবেই হয়তো সিদিনা জ্যেষ্ঠ ভাতৃৰ চকুলোত বিৰিঙি উঠিছিল চকুলো। জাতীয় ক্ৰিকেট দলত ভাতৃৰ আধিপত্য সূচনা কৰি অতীতত এণ্ডি-গ্ৰাণ্ট, ইউচুফ-ইৰফান আদিয়ে আৰম্ভ কৰা পৰম্পৰাক হাৰ্ডিক আৰু ক্ৰুনালে প্রদান কৰিলে আন এক মাত্ৰা। ২৩ মাৰ্চত ইংলেণ্ডৰ বিপক্ষে এদিনীয়া চিৰিজৰ প্ৰথমখন মেচত ভাৰতীয় দলৰ হৈ অভিষেক ঘটে ক্ৰুনাল পাণ্ডিয়াৰ। ৩১ টা বলত মাৰমুখী বেটিঙেৰে ইংলেণ্ডৰ পেচ আক্ৰমণক টছনছ কৰি আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত বীৰৰ দৰে প্ৰৱেশ কৰে আহমেদাবাদৰ অলৰাউণ্ডাৰ ক্ৰুনালে।

দিনবোৰ সহজ নাছিল দুয়ো ভাতৃৰ বাবে। কেতিয়াবা কেৱল নুডলছ খায়েই দিন পাৰ কৰিবলগীয়া হৈছিল পাণ্ডিয়া ভাতৃদ্বয়ে। তথাপি প্ৰশিক্ষণৰ দীঘলীয়া আৰু কষ্টকৰ যাত্ৰাক হাঁহিমুখে স্বীকাৰ কৰি দুই ভাতৃয়ে ক্ৰিকেটাৰ হোৱাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ দিন ৰাতি একাকাৰ কৰিছিল। অৱশেষত সেই কষ্টৰ পুৰস্কাৰ হাতে হাতে পালে দুই ভাতৃয়ে। প্ৰথমে হাৰ্ডিক পাণ্ডিয়া, তাৰ পিছত জ্যেষ্ঠ ভাতৃ ক্ৰুনাল। ভায়েকৰ পিছতহে ককায়েকৰ অভিষেক ঘটিল আন্তঃৰাষ্ট্রীয় ক্ৰিকেটত। ইউচুফ-ইৰফানৰ পিছত ভাৰতীয় জাতীয় দলত দ্বিতীয় ভাতৃদ্বয় হাৰ্ডিক-ক্ৰুনাল। এক বিৰল ক্ষণ। সেয়ে দুই ভাতৃৰ চকুতো চকুলো। সিদিনা পুণে ক্ৰিকেট ষ্টেডিয়ামত বিস্ফোৰক অৰ্ধশতক কৰিয়েই বেট ওপৰলৈ তুলি আকাশত নতুন ঠিকনা বন্ধা পিতৃক স্মৰণ কৰিলে ক্ৰুনালে। তাৰ পিছতেই ড্ৰেছিং ৰুমত বহি থকা ভায়েকলৈ হাত প্ৰসাৰিত কৰি অভিবাদনো গ্ৰহণ কৰিলে। দুই ভাতৃৰ একে সময়তে চকু চলচলীয়া হল। সকলো হাছিল কৰাৰ পিছতো কিবা যেন এক শূন্যতা। ইমানৰ পিছতো দুযোৰ চকুৱে যেন কাৰোবাক বিচাৰে ওচৰত। যেন কিহবাৰ অভাৱ। হয়, ‘হিমাংশু পাণ্ডিয়া’- এই মানুহটোক দুযোৰ চকুৱে আজিও বিচাৰি হাবাথুৰি খায়। আজি হাৰ্ডিক-ক্ৰুনালে জাতীয় দলৰ হৈ খেলাৰ আঁৰত সেই এজন মানুহৰে অৱদান সৰ্বাধিক। কিন্তু, দুই পুত্ৰৰ আনন্দৰ এই বিৰল মুহূৰ্ত দেখাৰ সৌভাগ্য ন’হল পিতৃ হিমাংশুৰ।

ক্ৰুনাল পাণ্ডিয়া-যাক সকলোৱে ইমানদিনে হাৰ্ডিকৰ জ্যেষ্ঠ ভাতৃ বুলিয়েই জানি আহিছিল। কিন্তু, আজি এক নিজৰো এক পৰিচয় হ’ল ক্ৰুনালৰ। বৰোদাত আহিয়েই পিতৃয়ে দুয়োকে নামভৰ্তি কৰাই দিছিল ক্ৰিকেটাৰ কিৰেণ মুৰে ক্ৰিকেট একাডেমীত। পিতৃ, দুই পুত্ৰই অশেষ কষ্ট স্বীকাৰ কৰি একেটা সপোনৰ পিছতেই দৌৰিছিল। সময়ত কেতিয়াবা আনৰ বেট লৈয়ে খেলিবলৈ ঢাপলি মেলিছিল দুয়ো ভাতৃ। বৰোদাত থাকিলে সোনকালে তেওঁলোকৰ সপোন সাকাৰ ন’হব বুলিয়েই এইবাৰ তেওঁলোক মুম্বাইলৈ ৰাওনা হ’ল উন্নত প্ৰশিক্ষণৰ বাবে। মুম্বাইত হাৰ্ডিকৰ প্ৰতিভাই নতুন ঠিকনা পালে। কেইখনমান ক্লাব পৰ্যায়ৰ টুৰ্ণামেণ্টত ভাগ লোৱাৰ পিছতেই মুম্বাই ইণ্ডিয়ানছৰ শিবিৰলৈ নিমন্ত্ৰণ লাভ কৰিলে হাৰ্ডিকে। মুম্বাই ইণ্ডিয়ানছেই ভাগ্য সলাই পেলালে হাৰ্ডিকৰ। আই পি এলে আনি দিয়া সফলতাৰ হাত ধৰিয়েই জাতীয় দললৈ বাট বুলিলে হাৰ্ডিকে। ক্ৰুনালৰ বাবে ভাগ্যৰ দুৱাৰ তেতিয়াও খোল খোৱা নাছিল। সময়ত ক্ৰুনালয়েও আই পি এলত স্থান লাভ কৰিলে। কিন্তু ভাতৃৰ দৰে মসৃণ নাছিল ক্ৰুনালৰ বাবে জাতীয় দললৈ যোৱাৰ বাট। অপেক্ষা কৰিবলগীয়া হৈছিল দিনৰ পিছত দিন, মাহৰ পিছত মাহ! সৌ সিদিনা সমাপ্ত হোৱা বিজয় হাজাৰে ট্ৰফীত বেটে হাতে পুনৰ জিলিকি উঠিল ক্ৰুনাল। নিৰ্বাচকমণ্ডলীয়েও এইবাৰ নিৰাশ নকৰিলে। ভাৰত-ইংলেণ্ডৰ মাজৰ এদিনীয়া চিৰিজৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ক্ৰুনালে। পিতৃৰ শেষ সপোনটোকো পূৰণ কৰি দুই ভাতৃয়ে স্থান সুনিশ্চিত কৰিলে ভাৰতীয় জাতীয় দলত। অৱশ্যে, ক্ৰুনালৰ অভিষেক মুহূৰ্তক স্বচক্ষে দেখা নাপালে পিতৃ হিমাংশু পাণ্ডিয়াই। সেয়ে হয়তো অভিষেকৰ দিনা ভাতৃ হাৰ্ডিকৰ কান্ধত ধৰি হুকহুকাই কান্দি উঠিল ক্ৰুনাল। এই দৃশ্যই দেশৰ অগণন ক্ৰিকেটপ্ৰেমীৰো চকু সেমেকাই তুলিলে। দুই ভাতৃৰ এই জয় যাত্ৰাই অনাগত সময়ৰ নিশ্চয়কৈ বহুতকে প্ৰেৰণাৰ নতুন পাঠ পঢ়াব।

Leave a Reply

Your email address will not be published. Required fields are marked *