ভাৰতীয় বলাৰৰ পৰাক্ৰমত এজাজৰ ১০ উইকেটেও ৰক্ষা কৰিব নোৱাৰে কিৱিক

অলিম্পিয়া প্ৰতিবেদন

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ ৱাংখেড়েত হৈ থকা দ্বিতীয়খন টেষ্টত নিউজিলেণ্ডৰ এজাজ পেটেলে ইতিহাস সৃষ্টি কৰি ১০ উিকেটৰ ক্লাৱত প্ৰৱেশ কৰিছে। এই কৃতিত্বৰ অধিকাৰী এজাজ বিশ্বৰ তৃতীয়গৰাকী ক্ৰিকেটাৰ। ইয়াৰ পূৰ্বে ১৯৫৬ চনত ইংলেণ্ডৰ জিম লেকাৰে অল্ড ট্ৰেফৰ্ড টেষ্টৰ এটা ইনিংছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৩ ৰাণৰ বিনিময়ত দহটা উইকেট লোৱৰ বিপৰীত্ ১৯৯৯ চনত পাকিস্তানৰ বিৰুদ্ধে তেতিয়াৰ ফিৰোজ শ্বাহ কোটলা আৰু বৰ্তমানৰ অৰুণ জেটলি ষ্টেডিয়ামত ভাৰতৰ অনিল কুম্বলেই এই কৃতিত্বৰ অধিকাৰী হৈছিল। কুম্বলেই ৭৪ ৰানৰ বিনিময়ত এই কৃতিত্বৰ অধিকাৰী হৈছিল।

ৱাংখেড়েত চলি থকা দ্বিতীয় টেষ্টত এজাজৰ বাবেই চৰ্চাৰ শীৰ্ষত উপনীত হৈছে যদিও টেষ্টখনত নিউজিলেণ্ড দলটোৰ অৱস্থা বৰ সন্তুোষজনক নহয়। টেষ্টখনত এজাজৰ বলিং যাদুৱে বিশ্বৰ ক্ৰিকেট প্ৰেমিক মন্ত্ৰমুগ্ধ কৰাৰ বিপৰীতে নিউজিলেণ্ড দলটোৱে কৰা বেটিং প্ৰদৰ্শনে সমালোচনাৰ সন্মুখীন হৈছে। দ্বিতীয় দিনাৰ টেষ্টত নিউজিলেণ্ডৰ বলাৰ এজাজে ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিলেও ভাৰতীয় দলটোৱে আলহী দলটোৰ বিৰুদ্ধে নিজৰ স্থিতি শক্তিশালী কৰিছে। ভাৰতীয় দলটো প্ৰথম ইনিংছত ৩২৫ ৰাণত আউট হৈছিল। ইয়াৰ বিপৰীতে নিউজিলেণ্ড দলটোৱে ৬২ ৰাণতে আটাইকেইতা উইকেট হেৰুৱাইছে। আনহাতে দিনটোৰ খেলৰ শেষত ভাৰতে দ্বিতীয় ইনিংছত এটাও উইকেট নেহেৰুৱাকৈ ৬৯ ৰাণ কৰিবলৈ সক্ষম হৈছে। ধাৰাভাষ্যকাৰ সুশীল দোশীয়ে এই টেষ্টখনৰ প্ৰসংগত কৈছে যে, টেষ্টখন এতিয়া ভাৰতৰ দখলত আছে। ভাৰতৰ পৰা টেষ্টখন বিজয় যাত্ৰা কাঢ়ি আনাতো নিউজিলেণ্ডৰ বৰ কঠিন হৈ পৰিব।

সুশীল দুশীয়ে কৈছে যে, এজাজে খেলখনত ১০ টা উইকেট লৈ ভাল প্ৰত্যাৱৰ্তন কৰিছিল। কিন্তু, দলটোৰ বেটছমেনসকলে যিধৰণে খেলিছিল, ভাৰতীয় বলাৰসকলে বল নহয় বোমা নিক্ষেপ কৰিছিল। কেন উইলিয়ামছনৰ অনুপস্থিতিত, নিউজিলেণ্ডৰ বেটিং অতি দুৰ্বল দেখা গৈছিল। ইয়াৰ পৰা, কিৱিসকলৰ খেলৰ ছন্দলৈ উভতি অহাৰ সুযোগ অতি কঠিন যেন লাগিছে।

ইফালে নিউজিলেণ্ড দলক ফ’লঅন কৰাৰ সুযোগ বিৰাটে নিদিয়াৰ অন্তৰালৰ কাৰণ প্ৰায় স্পষ্ট হৈছে। বিৰাট কোহলিৰ লগতে আন বহু কেইজন বেটছমেন বৰ্তমান ফৰ্মত নাই। যিহেতু দক্ষিণ আফ্ৰিলাকৰ বিৰুদ্ধে টেষ্ট, এদিনীয়া আৰু তি-২০ৰ শৃংখলা চূড়ান্ত হৈছে গতিকে ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ পূৰ্বে হেৰুওৱা ছন্দ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাব বিচাৰিছে। ভাৰতীয় দলটোৱে তৃতীয় দিনা চাহ বিৰতিৰলৈকে বেটিং কৰাৰ সম্ভাৱনা আছে আৰু নিউজিলেণ্ডক প্ৰায় ৫০০ ৰাণৰ লক্ষ্য দিয়াৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *