অলিম্পিয়া বিশেষ লেখা
বিৰাট কোহলিবিহীন ভাৰতৰ বাবে অষ্ট্ৰেলিয়াৰ মাটিত বিজয়ৰ কল্পনা আছিল আশাতীত। ভুলতো ভবা নাছিল কোনেও শৃংখলা পৰাজয়ৰ পৰা যে ৰক্ষা পৰিব অভিজ্ঞতাবিহীন ভাৰতীয় দল। ইতিমধ্যে, আঘাতৰ সমস্যাৰ বাবে মহম্মদ ছামি,উমেশ যাদৱ, কে এল ৰাহুল উভতি আহিছে স্বদেশলৈ। বিদেশী মাটিৰ অভিজ্ঞতাপুষ্ট ঈশান্ত শৰ্মা আৰু ভুৱনেশ্বৰ কুমাৰো দীৰ্ঘদিনীয়া আঘাতৰ সমস্যাৰ বাবে দলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে দীৰ্ঘকালৰ বাবে। তুলনামূলকভাৱে তেনেই অনভিজ্ঞ এটা দলক সাৰথি কৰিয়েই কোহলিৰ অনুপস্থিতিত অধিনায়কৰ বোজা মূৰ পাতি লৈছিল শান্ত ভাৱমূৰ্তিৰ আজিংক্য ৰাহানেই।
প্ৰথমখন টেষ্টত পৰাজয়ৰ গ্লানি তেতিয়াও আঁতৰ হোৱাই নাছিল। কোহলিবিহীন ভাৰতীয় দল দ্বিতীয় টেষ্টৰ বাবে সাজু হোৱাৰ পৰত অষ্ট্ৰেলিয়া মিডিয়া, ক্ৰিকেট বিশেষজ্ঞই পৰাজয়ৰ দুৱাৰদলিলৈ প্ৰায় ঠেলা মাৰিয়েই দিছিল নতুন তাৰকাৰে সমৃদ্ধ ভাৰতীয় দলটোক। কাকতে-পত্ৰই, সামাজিক মাধ্যমৰ জৰিয়তে ভাৰতীয় দলৰ ভাগ্য লিখি পেলাইছিল অনেকেই। ভাৰতীয় দলটো যে অষ্ট্ৰেলিয়াৰ মাটিত হোৱাইট ৱাছৰ সন্মুখীন হ’ব,এই কথাৰ সম্ভাৱনা নহয়, প্ৰায় ঘোষণাই কৰি পেলাইছিল বহু ক্ৰিকেট বিশেষজ্ঞই। এক কথাত ক’বলৈ গ’লে অষ্ট্ৰেলিয়াত চলিছিল ভাৰতীয় দলৰ মনোবল ভাঙি পেলোৱাৰ নিৰ্মম অনুশীলন।
অষ্ট্ৰেলিয়ান কিম্বদন্তি ৰিকী পন্টিঙৰ পৰা আৰম্ভ কৰি মাইকেল ভগান, মাইকেল ক্লাৰ্ক, মাৰ্ক ৱ’লৈ সকলোৱে একেমুখে ভৱিষ্যতবাণী কৰিছিল ভাৰতৰ পৰাজয়ৰ। তেওঁলোকৰ স্বৰ আছিল তাচ্ছিল্যসূচক। ভাৰতীয় দলক আত্মবিশ্বাসহীন কৰি তুলিবলৈ এনে কথা বতৰাই যথেষ্ট আছিল। কিন্তু, অদমনীয় ভাৰতীয় খেলুৱৈৰ উদ্যমক নিৰাশ কৰিবলৈ যথেষ্ট নাছিল এনেবোৰ কথা-বতৰা। দ্বিতীয় টেষ্টত বেটে-বলে দায়িত্বশীলতাৰ পৰিচয় দি উজলি উঠাই নহয়, এক যুগমীয়া বিজয় সাব্যস্ত কৰে দলটোৱে। সকলোৰে সমালোচনাক উচিত প্রত্যুত্তৰ দিলে ভাৰতীয় দলে। তুচ্ছ-তাচ্ছিল্যৰে ভৰা কথাক উফৰাই ৰাহানে নেতৃত্বাধীন ভাৰতীয় দলে চিৰিজত সমতা স্থাপন কৰে। ইয়াৰ পিছতো ভাৰতীয় দলক বিপৰ্যয়ে লগ এৰা নাছিল।
তৃতীয় টেষ্টৰ প্ৰাক মুহূৰ্তত ক’ভিড প্ৰট’কল ভংগৰ অভিযোগ উত্থাপন হৈছিল ৰোহিত শৰ্মাকে ধৰি পাঁচ ভাৰতীয় ক্ৰিকেটাৰৰ বিৰুদ্ধে। অষ্ট্ৰেলিয়াৰ মিডিয়াই পুনৰ সুযোগ বুজি সমালোচনাৰে থকাসৰকা কৰিছিল ভাৰতীয় দলক। তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত ব্যৰ্থ হৈছিল ভাৰতীয় বেটছমেন। ৪০৭ ৰানৰ লক্ষ্য বান্ধি দি অষ্ট্ৰেলিয়া এক প্ৰকাৰৰ চালকৰ আসনত বহি পৰিছিল। পৰাজয়ৰ আশংকা ঘনীভূত হৈছিল ভাৰতীয় ড্ৰেছিং ৰুমত। ইপিনে খেলপথাৰতে আঘাতৰ সন্মুখীন হৈছিল অশ্বিন, হনুমান বিহাৰী, ঋষভ পন্ট, ৰবীন্দ্ৰ জাদেজা।
কিন্তু দলৰ প্ৰায় অৰ্ধেক খেলুৱৈয়ে আঘাতৰ সৈতে যুজঁ দি হ’লেও দৃঢ়তা দেখুৱালে খেলপথাৰত। ছিডনীত বৰ্ণ বৈষম্যমূলক আচৰণৰো মুখামুখি হ’ল মহম্মদ চিৰাজ। ইপিনে ক্ৰিজত চলিল অষ্ট্ৰেলিয়ান খেলুৱৈৰ নিৰন্তৰ শ্লেজিং। তাৰ মাজতো কিন্তু স্থিতপ্ৰজ্ঞ হৈ ৰল ভাৰতীয় খেলুৱৈ। পন্টৰ ৯৭, পূজাৰাৰ ৭৭ ৰানে গঢ় দিয়া ভাৰতীয় ইনিংছক দিনান্তলৈ সুৰক্ষিত কৰি ৰাখে অশ্বিন আৰু হনুমান বিহাৰীয়ে। অলেখ সমস্যাৰ মাজতো যুঁজাৰুৰ মানসিকতাৰে ভাৰতীয় দলে ড্ৰ ৰাখিবলৈ সক্ষম হয় ছিৰিজৰ তৃতীয়খন টেষ্ট। আজিৰ দিনটোৰ এজন অন্যতম নায়ক আছিল হনুমান বিহাৰী। হনুমান বিহাৰীৰ ১৬১ বলৰ ২৩ ৰানৰ ইনিংছটো আছিল এটা শতকৰ সমকক্ষ ইনিংছ। কঁকালৰ বিষত ভুগি থকা অশ্বিনৰ ইনিংছতোও কম নাছিল। মুঠতে আজি অদমনীয় আছিল সকলো। যুঁজাৰু একোজন বীৰৰ দৰে চিৰিজ ৰক্ষা কৰাই নহয়, আজিৰ ড্ৰৰ জৰিয়তে চিৰিজ জয়ৰ সম্ভাৱনীয়তাকো সজীৱ কৰি ৰাখিলে ভাৰতীয় দলে।