ধোনি-কোহলি-ৰোহিত নহয়; এইগৰাকী ভাৰতৰ আটাইতকৈ ধনী ক্ৰিকেটাৰ!!

অলিম্পিয়া প্রতিবেদন

ভাৰতৰ সবাতোকৈ ধনী ক্ৰিকেটাৰ বুলিলে বাৰু আপোনাৰ কাৰ কথা মনলৈ আহে? বিৰাট কোহলি, মহেন্দ্ৰ সিং ধোনি নে ৰোহিত শৰ্মা?আই পি এলৰ উপৰিও ভাৰতীয় জাতীয় দলৰ পৰা উপাৰ্জন কৰাৰ সমান্তৰালভাৱে বিজ্ঞাপন আদিত সততে দেখা পোৱা ধোনি, কোহলি অথবা ৰোহিত শৰ্মাকেই ভাৰতৰ আটাইতকৈ ধনী ক্ৰিকেটাৰ বুলি ভবাত অৱশ্যেই কোনো অস্বাভাৱিকতা নাই। কিন্তু, আপুনি ভৱাৰ দৰে এওঁলোকৰ কোনো এজনেই ভাৰতৰ আটাইতকৈ ধনী ক্ৰিকেটাৰজন নহয়। শুনিবলৈ আচৰিত লাগিলেও সেয়াই সত্য।

ভাৰতৰ আটাইতকৈ ধনী ক্ৰিকেটাৰজনে এই পৰ্যন্ত খেলা নাই আই পি এলৰ কোনো এখন মেচ। আনকি এই পৰ্যন্ত ভাৰতৰ হৈ খেলিবলৈও তেওঁ লাভ কৰা নাই কোনো সুযোগ। অৱশ্যে আই পি এল ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছে দলত স্থান দিলেও এই পৰ্যন্ত এখনো মেচতো সুযোগ লাভ কৰা নাই তেওঁ।

মধ্যপ্ৰদেশৰ হৈ এই পৰ্যন্ত ৯ খন প্ৰথম শ্ৰেণীৰ মেচত অংশ লোৱা সেই ক্ৰিকেটাৰজন হৈছে আৰ্যমান বিৰলা। ২৩ বছৰীয়া আৰ্যমান ভাৰতৰ শিল্পপতি কুমাৰ মঙ্গলম বিৰলাৰ পুত্ৰ হোৱাৰ লগতে প্ৰখ্যাত উদ্যোগপতি আদিত্য বিৰলাৰ পৰিয়ালৰে এজন। বিৰলা পৰিয়ালৰ দৰে এটা সভ্ৰান্ত পৰিয়ালৰ সদস্য হ’লেও আৰ্যমানৰ কিন্তু ব্যৱসায়তকৈ ক্ৰিকেটতলৈহে আগ্ৰহ বেছি। পিতৃ ৭০ হাজাৰ কোটি টকাৰ সম্পত্তিৰ মালিক। সেই সূত্ৰেই বহু হাজাৰ কোটি টকাৰ সম্পত্তিৰ গৰাকী আৰ্যমানো। ব্যৱসায়ত ইচ্ছা কৰাহেতেন দোপতদোপে আগবাঢ়িব পাৰিলেহেঁতেন তেওঁ। কিন্তু নিজৰ এক পৰিচয় গঢ়াৰ মন পুহি ৰখা আৰ্যমানে অৱশেষত হাতত তুলি ললে বেট। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মধ্যপ্ৰদেশৰ হৈ অভিষেক ঘটা আৰ্যমানে এই পৰ্যন্ত ৯ খন প্ৰথম শ্ৰেণীৰ মেচত এটা শতকসহ সংগ্ৰহ কৰিছে ৪১৪ ৰান।

ঘৰুৱা ক্ৰিকেটত প্ৰথমটো শতক অর্জন কৰি তেওঁ টুইটাৰত লিখিছিল,” অনেকেই হয়তো ক’ব পৰিয়ালৰ প্ৰভাৱতেই মই ক্ৰিকেটত সুযোগ লাভ কৰিছোঁ। কিন্তু, পৰিয়ালৰ প্ৰভাৱৰ পৰা মুক্ত হৈ মই এটা নিজৰ পৰিচয় গঢ় দিবলৈ বিচাৰো। দক্ষতা নাথাকিলে কেৱল পৰিয়ালৰ পৰিচয়ৰে ৰান কৰাটো সম্ভৱ নহয়।”

ক্ৰিকেটৰ পথাৰত আৰ্যমানে দেখুওৱা পাৰদৰ্শিতাৰ বাবে বিৰলা পৰিয়ালো যথেষ্ট সুখী। তেওঁলোকেও আশা কৰিছে ক্ৰিকেটৰ পথাৰত উজলি উঠক আৰ্যমান। অৱশ্যে বৰ্তমান মানসিক অৱসতাৰ বাবে কিছুদিনলৈ ক্ৰিকেটৰ পৰা আঁতৰি আছে আৰ্যমান। মানসিক অৱসাদ আঁতৰ হ’লেই পুনৰ আৰ্যমানক দেখা পোৱা যাব ক্ৰিকেটৰ পথাৰত। সেই কথা নিজেই প্ৰকাশ কৰি তেওঁ কৈছে যে এই ধুনীয়া খেলবিধ তেওঁৰ জীৱনৰ এটা অভিন্ন অংশ হৈ পৰিছে। অতি সোনকালেই তেওঁ ক্ৰিকেটৰ পথাৰলৈ ঘূৰি আহিব বিচাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *