এ চি এৰ নেতৃত্বত নেহৰু ষ্টেডিয়ামত আৰম্ভ হ’ল আন্তঃগথনিমূলক কাম-কাজ

অলিম্পিয়া প্ৰতিবেদন

পুনৰ ক্রীড়া উদ্দীপনাৰে জীপাল হ’ব ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পস্থিত নেহৰু ষ্টেডিয়াম। দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা ঐতিহ্যমণ্ডিত ষ্টেডিয়ামখনে পুনৰ প্ৰাণ পাই উঠিব। শুক্ৰবাৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াই ষ্টেডিয়ামখনত নিৰ্মাণ হ’বলগীয়া চাৰিখন চেণ্টাৰ উইকেটৰ আধাৰশিলা স্থাপন কৰে।

এ চি এৰ কৰ্মকতাৰ আধাৰশিলা স্থাপনৰ এক মুহুৰ্তৰ

আধাৰশিলাৰ অনুষ্ঠানটোত লগতে উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত, কোসাধ্যক্ষ ট্ৰিদীপ কোঁৱৰ, যুটীয়া সম্পাদক কামাখ্যা শইকীয়া প্রমুখ্য কৰি বিশিষ্ট লোকসকল। উল্লেখযোগ্য যে, অসম ক্ৰিকেট সন্থাই ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামত পুনৰ ক্রীড়ামূলক কামকাজ আৰম্ভ কৰা তথা ক্রীড়াৰ সামগ্ৰিক পৰিৱেশক পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

এ চি এৰ বিষয়ববীয়াসকল

অসমৰ ক্রীড়া ইতিহাসত প্ৰথমবাৰৰ বাবে অসম ক্ৰিকেট সন্থা তথা অসম অলিম্পিক সন্থাই সমিলমিলেৰে ষ্টেডিয়ামখনৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত কাম কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে। ইতিমধ্যে এই লৈ অসম অলিম্পিক সন্থাৰ নেতৃত্বত অনুষ্ঠিত এক সভাত অসম ফুটবল সন্থা আৰু গুৱাহাটী ক্রীড়া সন্থাৰ প্ৰতিনিধিবৰ্গ মিলিত হৈ অসম ক্ৰিকেট সন্থাৰ এই পদক্ষেপলৈ সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে।

সেই অনুসৰি অসম ক্ৰিকেট সন্থাই নেহৰু ষ্টেডিয়ামত চাৰিখন চেণ্টাৰ উইকেট নিৰ্মাণৰ বাহিৰেও এখন ক্ৰিকেট গ্ৰাউণ্ড আৰু দুখনকৈ ফুটবল ফিল্ড নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে। তাৰেই প্ৰথমটো পদক্ষেপ হিচাবে শুক্ৰবাৰে অসম ক্ৰিকেট সন্থাৰ তত্ত্বাৱধানত চেণ্টাৰ উইকেটৰ নিৰ্মাণৰ শুভাৰম্ভ হয়। আশা কৰিব পাৰি অসম ক্ৰিকেট সন্থাৰ এনে পদক্ষেপে আগন্তুক সময়ত নেহৰু ষ্টেডিয়ামৰ ক্রীড়া পৰিৱেশক পুনৰ জীপাল কৰি তুলিব।

Leave a Reply

Your email address will not be published. Required fields are marked *